Terms of Use

PrintPrintEmail this PageEmail this Page

পৰিচয়

ইফক' টকিঅ' জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডে এই ৱেবছাইটো তৈয়াৰী কৰিছে যাতে জনসাধাৰণক ইনফ টকেঅৰ সামগ্ৰী আৰু সেৱাৰ সম্যক তথ্যপাতি যোগান ধৰিব পাৰে আৰু উন্নত যোগাযোগ অব্যাহত ৰাখিব পাৰে। আপুনি ইয়াৰ নীতি আৰু চৰ্ত মানি চলি ৱেবছাইটো ব্যৱহাৰ কৰিব পাৰে।

এই নীতি আৰু চৰ্তবোৰত আপোনাৰ গ্ৰহণযোগ্যতা।.
অনুগ্ৰহ কৰি কেই মিনিটমান সময় সাৱধানে পৰ্যালোচনা কৰক। এই ৱেবছাইটত সোমাই আৰু ব্যৱহাৰ কৰি আপুনি এই নীতি আৰু চৰ্ত মানি চলিবলৈ আৰু সীমাবদ্ধ হ'বলৈ মান্তি হ'ব। যদি আপুনি এই নীতি আৰু চৰ্ত মানি চলিবলৈ আৰু সীমাবদ্ধ হ'বলৈ মান্তি নহয়, তেনেহ'লে এই ৱেবছাইটত সোমাব, ব্যৱহাৰ বা ডাউনল'ড কৰিব নোৱাৰিব।

এই নীতি আৰু চৰ্তসমূহ সলনি হ'ব পাৰে।
ইফক' টকিঅয়ে এই নীতি আৰু চৰ্তবোৰ সালসলনি কৰাৰ অধিকাৰ আৰক্ষণ কৰে। এনে সালসলনিৰ পাছত এই ৱেবছাইট ব্যৱহাৰে, সলনি হোৱা নীতি আৰু চৰ্ত মানি চলিবলৈ আৰু সীমাবদ্ধ হ'বলৈ আপোনাৰ চুক্তি গঠন কৰে। এই কাৰণতে, আমি আপোনাক এই নীতি আৰু চৰ্তবোৰ পৰ্যালোচন কৰিবলৈ সকলো সময়তে উৎসাহ জগাইছো । শেহতীয়াভাৱে ২৫ ছেপ্টেম্বৰ ২০০৫ ত এই নীতি আৰু চৰ্তসমূহ সংশোধন কৰা হৈছিল।

কপিৰাইটৰ জাননী আৰু সীমিত অনুজ্ঞাপত্ৰ
সকলো যি আপুনি এই ৱেবছাইটত (অন্তৰ্বস্তু)দেখে, চায় বা শুনে, যেনে আখৰ, নিৰ্দেশিকা, আলোকচিত্ৰ, চিত্ৰাৱলী, গ্ৰাফিকচ্‌, শ্ৰব্য ক্লিপ, চলচিত্ৰ ক্লিপ আৰু শ্ৰব্য-চলচিত্ৰ ক্লিপ আদিৰ ভাৰতীয় আইন আৰু চুক্তি বিধানৰ অধিনত কপিৰাইট লোৱা হৈছে। অন্তৰ্বস্তুৰ কপিৰাইট ইফক' টকিঅ' জেনেৰেল ইঞ্চুৰেঞ্চ কো. লি. ৰ হাতত থাকে বা যাক ই শাখাৰূপ দিয়ে বা তৃতীয় পক্ষবোৰ যোনে ইফক' টকিঅ' সামগ্ৰীবোৰৰ অনুজ্ঞাপত্ৰ দিয়ে। এই ছাইটৰ আতাইবোৰ অন্তৰ্বস্তু ভাৰতীয় আইন আৰু প্ৰযোজ্য আন্তঃৰাষ্ট্ৰীয় কপিৰাইট আইন আৰু চুক্তিৰ অধিনত যুটীয়াভাৱে কপিৰাইট কৰা হৈছে। ইফক' টকিঅ য়ে অন্তৰ্বস্তুৰ নিৰ্বাচন, সমলয় , ব্যৱস্থাপনা, বৃদ্ধিকৰণৰ কপিৰাইট স্বকীয় কৰি ৰাখে।

আপুনি এই ছাইটৰ অন্তৰ্বস্তুৰ কোনো নিৰ্বাচিত অংশ ডাউনল'ড, ৰক্ষা, ছপা আৰু কপি কৰিব পাৰে যদিহে:

ডাউনল'ড কৰা অন্তৰ্বস্তু অকল আপোনাৰ ব্যক্তিগত, অব্যৱসায়ীক বা অতিবেছি ইফক' টকিঅ' সৈতে ব্যৱসায়ত ব্যৱহাৰ কৰিব পাৰে।

ইফক' টকিঅ'ৰ আগতীয়া লিখিত অনুমোদন নোহোৱাকে অন্তৰ্বস্তুৰ কোনো অংশ আন কোনো ইনটাৰনেট ছাইটত প্ৰকাশ বা প'ষ্ট নকৰিব।

ইফক' টকিঅ'ৰ আগতীয়া লিখিত অনুমোদন নোহোৱাকে অন্তৰ্বস্তুৰ কোনো অংশ আন কোনো মেডিয়াত প্ৰকাশ বা সম্প্ৰচাৰ নকৰিব।

কোনো ধৰণতে অন্তৰ্বস্তুৰ সালসলনি বা পৰিবৰ্তন নকৰিব বা কোনো কপিৰাইট বা ট্ৰেডমাৰ্কৰ জাননী বা গোপনীয়তাৰ জাননী নষ্ট বা সালসলনি নকৰিব।

এই ছাইটৰ পৰা আপুনি যেতিয়া কোনো অন্তৰ্বস্তু ডাউনল'ড কৰে তেতিয়া তাৰ একো অধিকাৰ, উপাধি বা ৰাপ আপোনালৈ নাযায়। হিফক' টকিঅ'য়ে আপুনি ডাউনল'ড কৰা কোনো অন্তৰ্বস্তুৰ সকলো বৌদ্ধিক সম্পত্তিৰ অধিকাৰ সংৰক্ষন কৰে আৰু চম্ভালি ৰাখে।

ইফক' টকিঅ'ৰ লিখিত অনুমতি অবিহনে এই ৱেবৱাইটোৰ কোনো অন্তৰ্বস্তু সম্পূৰ্ণে বা ইয়াৰ অংশৰ প্ৰতিলিপি, ডাউনল'ড, মুদ্ৰণ, প্ৰকাশ, প্ৰদৰ্শন, পৰিবেশন, বিতৰণ, প্ৰেৰণ, পৰিবৰ্তন, অনুবাদ, সালসলনি, সংযোগ, উন্নীতকৰণ, সম্পাদনা, সংকোচন অথবা যিকোনো ধৰণৰ ৰূপান্তৰকৰণ বা পৰিমাপন কৰিব নোৱাৰিব।

ট্ৰেডমাৰ্কৰ জাননী
এই ৱেবছাইটত দেখুওৱা সকলো ট্ৰেডমাৰ্ক, সেৱামাৰ্ক, আৰু ল'গ'("ট্ৰেডমাৰ্ক(বোৰ)") ইফক' টকিঅ'ৰ পঞ্জীভুত বা অপঞ্জীভুত ট্ৰেডমাৰ্ক বা ইয়াৰ কোনো বা তৃতীয় পক্ষ যোনে ইফক' টকিঅ'ক তেওঁলোকৰ ট্ৰেডমাৰ্কৰ অনুজ্ঞা দিয়ে। এই নীতি আৰু চৰ্তসমূহত স্পষ্টভাৱে বিবৃত হোৱাৰ বাদে, আপুনি প্ৰথমে ইফক' টকিঅ'ৰ লিখিত অনুমতি নোলোৱাকে কোনো ট্ৰেডমাৰ্ক পুণৰ উৎপাদন, প্ৰদৰ্শন বা আনকোনো প্ৰকাৰে ব্যৱহাৰ কৰিব নোৱাৰে। কোনো ধৰণতে আপুনি এই ৱেবছাইটৰ কাৰ্য্যত প্ৰভাৱ/হস্তাক্ষেপ নকৰে বা প্ৰভাৱ/হস্তাক্ষেপ কৰিবলৈ চেষ্টা নকৰে।

অযাচিত বুদ্ধি
ইফক' টকিঅ'য়ে এই ৱেবৱাছাইট বিষয়ক আপোনাৰ মন্তব্যসমূহ আৰু সহাঁৰি স্বাগত কৰে। সকলো তথ্য আৰু সম্ভাৰৰ মন্তব্য, বুদ্ধি, উদ্ধৃতি, ৰূপাংকন আৰু তেনে ধৰণৰ যি এই ৱেবছাইটৰ জৰিয়তে ইফক' টকিঅ'ক দিয়া যায়, অগোপনীয় আৰু গৰাকীহীন বুলি মনা হ'ব। এই কাৰণতে, আমি আপোনাক কোনো তথ্য বা সম্ভাৰ আমালৈ নপথাবলৈ কওঁ, গোপনীয় তথ্য বা কোনো প্ৰকৃত সৃষ্টিশীল সম্ভাৰ যেনে সামগ্ৰীৰ বুদ্ধি, কম্পিউটাৰ ক'ড বা প্ৰকৃত শিল্পকাৰ্য্যকে সামৰি যি সম্ভাৰ আমাক অৰ্পণ কৰাটো আপুনি বাঞ্চা নকৰে।

এই ৱেবছঅইটৰ জৰিয়তে ইফক' টকিঅ'ক তথ্য বা সম্ভাৰ দি আপুনি ইফক' টকিঅ'ক , বিনা মাছুলেৰে পৃথিৱীজুৰি সকলো কপিৰাইটৰ অধিকাৰ, খিতাপ আৰু স্বাৰ্থ আৰু আপুনি দিয়া তথ্য আৰু সম্ভাৰৰ আন বৌদ্ধিক সম্পত্তিৰ অধিকাৰ অৰ্পণ কৰে । এই ৱেবছাইতৰ জৰিয়তে আপুনি অৰ্পণ কৰা কোনো তথ্য বা মেটেৰিয়েল কোনো বাধা নোহোৱাকৈ, কোনো জৰিমনা নিদিয়াকৈ, যিকোনো ক্ষেত্ৰতে ব্যৱহাৰ কৰাৰ ইফক' টকিঅ'ৰ অধিকাৰ থাকিব।

গোলকীয় লভ্যতা
যিহেতু পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন আইন আৰু বিধিৰ প্ৰয়োজনীয়তা থাকে, কিছুমান বীমা সামগ্ৰী, চৰ্চা/সেৱা, কিছুমান দেশত থাকে আৰু কিছুমানত নাথাকে। আপোনালোকৰ দেশত লভ্যমান নোহোৱা বা জাৰী নকৰা ইফক' টকিঅ'ৰ কেতবোৰ সামগ্ৰী, আঁচনি আৰু সেৱাৰ বিষয়ে এই ছাইটত উল্লেখ বা নিশ্চিতি উল্লেখ থাকিব পাৰে। এই ঊল্লেখে এই কথা প্ৰমাণ নকৰে যে ইফক' টকিঅ'ই আপোনালোকৰ দেশত এই সামগ্ৰী, আঁচনি আৰু সেৱেসমূহ কাৰ্য্য কৰি কৰাৰ ইচ্ছা কৰিছে। এই সামগ্ৰী, আঁচনি আৰু সেৱাসমূহৰ কি কি আপোনাৰ বাবে লভ্যমান হ'ব পাৰে সেই বিষয়ে প্ৰশ্ন থাকিলে আপুনি ইনফ টেকঅৰ সৈতে যোগাযোগ কৰক।

দায়বদ্ধতাৰ সীমা
এই ৱেবছাইট ব্যৱহাৰ আপোনাৰ নিজস্ব দায়িত্বত হ'ব। কোনো পৰিস্থিতিতে, ইনফ' টকিঅ'ই তেওলোকৰ কোনো সঞ্চালক, বিষয়া, কৰ্মী বা এজেন্টক অন্তৰ্ভুক্ত কৰা নাই আৰু প্ৰতক্ষ বা পৰোক্ষ লোকচান বা ক্ষতি যিখিনি আপুনি এই ৱেবছাইট ব্যৱহাৰ কৰাত বা ব্যৱহাৰ কৰাৰ অক্ষমতাত বা ই দিয়া তথ্যৰ ওপৰত ভৰষা কৰাত হ'ব পাৰে - সেই খিনিৰ বাবে দায়বদ্ধ নহ'ব । দায়বদ্ধতাৰ ব্যাপক সীমা যে প্ৰতক্ষ বা পৰোক্ষ, সাধাৰণ, বিশেষ, আকস্মিক, ফলস্বৰূপ, দৃষ্টান্ত বা আনপ্ৰকাৰে, অসীমিত দাতা, ৰাজস্ব বা লাভৰ লোকচানকে সামৰি সকলো ধৰণৰ লোকচান বা ক্ষতিৰ বাবে প্ৰযোজ্য। এই দায়বদ্ধতাৰ সীমাবদ্ধতা প্ৰযোজ্য হয় য'ত এই অভিযোগক্ত দায়বদ্ধতা ঠিকা, অসতৰ্কতা, থাত্তা, কঠোৰ দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰে বা আনকোনো ভিত্তিক আৰু যদি ইফক' টকিঅ'ৰ অনুমোদিত প্ৰতিনিধি বা ইয়াৰ সংগ্ৰাহকক পৰামৰ্শ দিয়া হয় বা এনে ক্ষতিৰ সম্ভাৱনা জানিছিলেও হয় ।

ওপৰত উল্লেখিত দায়বদ্ধতাৰ সীমাবদ্ধতা কিছুমান ৰাজ্যই অনুমতি নিদিয়ে, সেয়ে এই দায়বদ্ধতাৰ সীমাবদ্ধতা আপোনাৰ বাবে প্ৰযোজ্য নহ'বও পাৰে। যদি দায়বদ্ধতাৰ সীমাবদ্ধতাৰ কোনো অংশ কোনো কাৰণত অপ্ৰাসংগিক বা অসম্পাদনীয় হয়, তেতিয়া তেনে পৰিস্থিতিত ইফক' টকিঅ'ৰ বা ইয়াৰ সংগ্ৰাহকৰ সৰ্বমুঠ দায়বদ্ধতা যি দায়বদ্ধতা আন প্ৰকাৰে সীমিত, এশ টকাতকৈ (১০০ টকা) বেছি নহ'ব ।

প্ৰশাসনিক আইন আৰু বিচাৰ ব্যৱস্থা
এই ৱাবছাইটো ইফক' টকিঅ'ৰ ভাৰতৰ ভিতৰতে থকা কাৰ্য্যালয়বোৰৰ পৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হয়। এই ৱেবছাইট বা ইয়াৰ ব্যৱহাৰৰ লগত জৰিত কোনো ক্লেইম ভাৰতীয় আইনৰ দ্বাৰা প্ৰশাসিত হয়।

সমগ্ৰ চুক্তিনামা
এই চুক্তিনামায়ে এই ৱেবছাইটত আপোনাৰ প্ৰৱেশ আৰু/বা ব্যৱহাৰ সম্পৰ্কীয় আপোনাৰ আৰু ইফক' টকিঅ'ৰ সমগ্ৰ চুক্তি গঠন কৰে।


Download Motor Policy

Feedback