গোপনীয়তাৰ নীতি

PrintPrintEmail this PageEmail this Page

এইটো চাইটৰ মালিকানা আৰু পৰিচালনাৰ দায়িত্বৰ অধিকাৰী হ'ল ইফকো  টকিঅ' জেনেৰেল ইঞ্চিউৰেন্স। গোপনীয়তাৰ এই বিবৃতিয়ে প্ৰকট কৰে আমি কেনেকুৱা তথ্য সংগ্ৰহ কৰো আৰু আমি সেই তথ্য কেনেকৈ ব্যৱহাৰ কৰো।

এই গোপনীয়তাৰ নীতিয়ে ইফকো টকিঅ'ই ইয়াৰ ৱেবচাইট itgi.co.in ৰ জৰিয়তে সংগ্ৰহ কৰা ডেটাৰ সন্দৰ্ভত ইফকো টকিঅ'ৰ নীতিসমূহ আৰু প্ৰথাসমূহ ব্যাখ্যা কৰে।. এই গোপনীয়তাৰ নীতি ইফকো টকিঅ'ৰ অইলাইন তথ্য সংগ্ৰহৰ প্ৰথাসমূহৰপৰা স্বাধীন। "ডেটা" শব্দটোৱে আপোনাৰ বিষয়ে ব্যক্তিগতভাৱে চিনাক্ত কৰিব পৰা তথ্যসমূহ সামৰি লয়, যেনে, আপোনাৰ নাম, জন্মৰ তাৰিক, ই-মেইল ঠিকনা বা ডাক ঠিকনা, আৰু আপোনাৰ ব্যক্তিগত তথ্যসমূহকে ধৰি আন যিকোনো তথ্য যিবোৰ ব্যক্তিগতভাৱে আপোনাৰ সৈতে চিনাক্ত কৰিব পাৰি।

এই নীতিত ঘটোৱা সালসলনি সম্পৰ্কীয় অধিসূচনা. ইফকো  টকিঅ'ই ইয়াৰ ৱেবচাইটত ইয়াৰ এতিয়াৰ উৎপাদ, সেৱা, আৰু কাৰ্য্যসূচীসমূহৰ বাহিৰেও অধিক উন্নতি ঘটাবলৈ আৰু নতুন কাম-কাজ তথা বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰিবলৈ অহৰ্নিশে প্ৰচেষ্টা চলাই আহিছে। এই চলি থকা পৰিৱৰ্ত্তনসমূহ, আইনত হোৱা পৰিৱৰ্ত্তনসমূহ আৰু প্ৰযুক্তিৰ পৰিৱৰ্ত্তিত প্ৰকৃতিৰ বাবে, ইফকো টকিঅ'ৰ ডেটা সংগ্ৰহ প্ৰথাবোৰো সময়ে সময়ে সলনি হৈ থাকিব। যেতিয়াই এনে পৰিৱৰ্ত্তন সংঘটিত হয়, তেতিয়াই সেই পৰিৱৰ্ত্তনবোৰ আপোনাৰ দৃষ্টিগোচৰ কৰিবলৈ ইফকো টকিঅ'ই সেইবোৰ ইয়াৰ ৱেবচাইটত প'ষ্ট কৰিব। এইখন পৃষ্ঠা সঘনাই পৰীক্ষা কৰি থাকিবলৈ আমি আপোনাক উৎসাহিত কৰিছো। 2005 চনৰ 25 ছেপ্টেম্বৰত শেষবাৰৰ বাবে এই নীতিত সংশোধন ঘটোৱা হৈছিল।

itgi.co.in ৰ জৰিয়তে সংগৃহীত ব্যক্তিগত ডেটা।. তলত ব্যাখ্যা কৰা কুকীজৰ বাহিৰে, ইফকো টকিঅ'ই ইয়াৰ ৱেবচাইটৰ জৰিয়তে সম্প্ৰতি সংগ্ৰহ কৰা একমাত্ৰ ব্যক্তিগত ডেটা হ'ল আমাৰ চাইট ব্যৱহাৰ কৰোতে এপুনি স্বইচ্ছাৰে দিয়া ব্যক্তিগত তথ্যসমূহ।

উদাহৰণ স্বৰূপে, প্ৰশ্ন আৰু মন্তব্যৰে আপুনি ইফকো টকিঅ'ৰ সৈতে যোগাযোগ কৰিব খুজিলে আপুনি এই চাইটটো ব্যৱহাৰ কৰিব পাৰে। আমাৰ ৱেবচাইটত আপুনি যেতিয়া এখন প্ৰপত্ৰ পূৰণ কৰে, আপুনি হয়োতো আপোনাৰ নাম আৰু যোগাযোগৰ আম তথ্য দিব, যেনে ধৰক আপোনাৰ নাম, কোম্পানীৰ নাম, আপোনাৰ ই-মেইল ঠিকনা, আপোনাৰ ডাক ঠিকনা বা আপোনাৰ কোম্পানীৰ ডাক ঠিকনা বা আন ব্যক্তিগত তথ্য। আপুনি যদি প্ৰপত্ৰত থকা আটাইবোৰ তথ্য পূৰাবলৈ ইচ্ছা কৰা নাই তেন্তে আপুনি সেইটো কাম আপুনি নকৰিলেও চলিব। আমাৰ বেছিভাগ প্ৰপত্ৰৰ বাবে প্ৰয়োজন হয়কেৱল আপোনাৰ নাম, ফোন নম্বৰ আৰু ই-মেইল ঠিকনা। itgi.co.in ৰ জৰিয়তে আপুনি যেতিয়া আমাৰ ওচৰত তথ্য দাখিল কৰে, তেতিয়া এটা বৈধ ই-মেইল ঠিকনা আপুনি এণ্টাৰ কৰাৰ লগে লগে সেই ঠিকনাত আমি প্ৰাপ্তিস্বীকাৰ কৰি প্ৰেৰণ কৰা এটা মেইল আপুনি পাব। বীমা উৎপাদসমূহৰ বিষয়ে, সিবিলাকৰ পদ্ধতিৰ বিষয়ে বা ইফকো টকিঅ'ৰ বিষয়ে তথ্য বিচাৰি আপুনি যেতিয়া ৱেবচাইটবোৰ চাব, সেই সময়ত আপুনি আমাক কোনো ব্যক্তিগত তথ্য নিদিয়ে। আপোনাক কৰা এটা সেৱা হিচাপে আমি ছাৰ্চ্চ বৈশিষ্ট্যবোৰ দিওঁ।. আপুনি যেতিয়া চাৰ্চ্চ বৈশিষ্ট্যবোৰ ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ বিষয়ে কোনো চিনাক্তকাৰী তথ্য ইফকো টকিঅ'ই সংগ্ৰহ নকৰে বা ৰাখি নথয়।

itgi.co.in ৰ জৰিয়তে সংগৃহীত ব্যক্তিগত ডেটাৰ ব্যৱহাৰ আপোনাৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ বা আপোনাৰ সমস্যাৰ জোৰা মাৰিবলৈ ইফকো টকিঅ'ই আপুনি দিয়া ব্যক্তিগত তথ্যবোৰ ব্যৱহাৰ কৰে। আমাৰ ৱেবচাইটৰ সন্নিৱিষ্ট বিষয়বোৰ আৰু ইয়াৰ কাৰ্য্যক্ষমতা উন্নততৰ কৰিবলৈ, আমাৰ উপভোক্তাসকল আৰু বজাৰৰ কথা ভালকৈ বুজিবলৈ, আৰু আমাৰ উৎপাদসমূহ তথা আমাৰ সেৱাসমূহৰ মান উন্নততৰ কৰিবলৈয়ো ইফকো টকিঅ' আৰু আমাৰ সহযোগী প্ৰতিষ্ঠানসমূহে এই তথ্য ব্যৱহাৰ কৰে। আমাৰ যিবোৰ উৎপাদ তথা সেৱাৰ কথা জানিবলৈ আপুনি আগ্ৰহী হ'ব পাৰে বুলি আমি বিশ্বাস কৰো, সেইবোৰৰ কথা আপোনাক জনোৱাৰ উদ্দেশ্যে ভৱিষ্যতে আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ ইফকো টকিঅ' আৰু আমাৰ সহযোগী প্ৰতিষ্ঠানসমূহে এইবোৰ তথ্য ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ যদি তেনে আগ্ৰহ আছে, আমি আপোনালৈ প্ৰেৰণ কৰা প্ৰতিটো বাৰ্ত্তাতে এনেকুৱা কিছুমান নিৰ্দেশনাও থাকিব যিবোৰ ব্যৱহাৰ কৰি ভৱিষ্যতে আপুনি এনে বাৰ্ত্তা গ্ৰহণ বিকল্পৰপৰা "ওলাই আহিব" পাৰিব।

একেদৰে, হয় প্ৰত্যক্ষভাৱে নহয় আমাৰ সহযোগী প্ৰতিষ্ঠানৰ জৰিয়তে, আমি "নিয়মীয়া সদস্যতা" ই-মেইল সেৱাও প্ৰদান কৰিব পাৰো, যি আপোনাক ইফকো টকিঅ'ৰ উৎপাদসমূহৰ বিষয়ে সাম্প্ৰতিক বাতৰিবোৰ পাই থাকিবলৈ সক্ষম কৰি তুলিব। এনে আটাইবোৰ সেৱা প্ৰদানৰ সময়ত, আমি "ওলাই আহিব" পৰাৰ, অৰ্থাৎ নিয়মীয়া সদস্যতা বাতিল কৰিব পৰাৰ এটা সুযোগ দিম। ইফকো টকিঅ'ৰ ৱেবচাইটৰ জৰিয়তে আমাৰ হাতত আহি পৰা বাৰ্ত্তাসমূহৰ আমি কৰা ব্যৱহাৰ সম্পৰ্কে অধিক কথা জানিবলৈ অনুগ্ৰহ কৰি নিয়ম আৰু চৰ্ত্তাৱলীৰ অধীনস্থ "নিবিচৰা ধাৰণা" শীৰ্ষক শিৰোনামটো চাওক।

itgi.co.in ৰ জৰিয়তে সংগৃহীত বেনামী ডেটা. আমাৰ ৱেবচাইটাটো ব্যৱহাৰ কৰোতে আপুনি আমাক দিব পৰা তথ্যসমূহৰ বাহিৰেও, ইফকো টকিঅ'ই আমাৰ ৱেবচাইট ব্যৱহাৰ সম্বন্ধীয় বেনামী তথ্য সংগ্ৰহ কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব পাৰে। উদাহৰণ স্বৰূপে, কিমান ভিজিটৰে আমাৰ ৱেবচাইটটো ভিজিট কৰিছে, তেওঁলোকে ভিজিট কৰাৰ তাৰিখ আৰু সময়, কিমান সময় তেওঁলোক আমাৰ ৱেবচাইটোত আচে, আৰু কোনবোৰ পৃষ্ঠা তেওঁলোকে চাইছে এইধৰণৰ কতাবোৰ জানিবলৈ আমি প্ৰযুক্তি ব্যৱহাৰ কৰো। আমি লগতে আমাৰ ভিজিটৰসকলে কোনটো ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰে আৰু কোনটো ঠিকনাৰপৰা তেওঁলোকে আমাৰ ৱেবচাইটত প্ৰৱেশ কৰিছে (উদাহৰণ স্বৰূপে, আমাৰ কোনোবা এটা বেনাৰ বিজ্ঞাপনত ক্লিক কৰি তেওঁলোকে ইফকো টকিঅ'ৰ ৱেবচাইটৰ সৈতে সংযোগ স্থাপন কৰিছেনেকি) সেইবোৰ কথা জানিলৈয়ো প্ৰযুক্তি ব্যৱহাৰ কৰো।

আমি ব্যৱহাৰ কৰা প্ৰযুক্তিয়ে ব্যক্তিগতভাৱে আপোনাক চিনাক্ত নকৰে। ই কেৱল আমাৰ ৱেবচাইটৰ ভিজিটৰসকলৰ বিষয়ে তথা তেওঁলোকে কৰা আমাৰ চাইটৰ ব্যৱহাৰ সম্পৰ্কে পৰিসংখ্যা সংকলন কৰিবলৈহে আমাক সক্ষম কৰি তোলে। আমাৰ ৱেবচাইটৰ সন্নিৱিষ্ট বিষয়বোৰ আৰু ইয়াৰ কাৰ্য্যক্ষমতা উন্নততৰ কৰিবলৈ, আমাৰ উপভোক্তাসকল আৰু বজাৰৰ কথা ভালকৈ বুজিবলৈ, আৰু আমাৰ উৎপাদসমূহ তথা আমাৰ সেৱাসমূহৰ মান উন্নততৰ কৰিবলৈ ইফকো টকিঅ' আৰু আমাৰ সহযোগী প্ৰতিষ্ঠানসমূহে এই বেনামী ডেটা ব্যৱহাৰ কৰে আৰু কোনো তৃতীয় পক্ষক জানিবলৈ দিয়ে।

কুকীজ. এটা কুকী হ'ল আপোনাৰ ব্ৰাউজাৰলৈ প্ৰেৰণ কৰা আৰু আপোনাৰ কম্পিউটাৰৰ হাৰ্ড ড্ৰাইভত ষ্ট'ৰ হৈ থকা সৰু এটা তথ্য। কুকীজে আপোনাৰ কম্পিউটাৰটো নষ্ট নকৰে আৰু এজন ব্যৱহাৰকাৰীৰ পৰিয়চ উলিয়াবলৈ সেইবোৰ ব্যৱহাৰ কৰিব নোৱাৰি। আপোনালৈ এটা কুকী অহাৰ পাছত সেই কথা আপোনাৰ দৃষ্টিগোচৰ কৰিবলৈ কৈ আপুনি আপোনাৰ ব্ৰাউজাৰটো ছেট কৰি থ'ব পাৰে। আপুনি ইয়াক গ্ৰহণ কৰিব খোজেনে নোখোজে সেই সিদ্ধান্ত লোৱাত বা কিছুমান কনটেণ্ট্ চাবলৈ আপুনি কুকীটো গ্ৰহণ কৰিব লাগিবনেকি সেই কথা জনাত ই আপোনাক সক্ষম কৰি তোলে। এজন ব্যৱহাৰকাৰীৰ এটা সত্ৰ "অটুট" ৰাখিবলৈ, অৰ্থাৎ ব্যৱহাৰকাৰীগৰাকীয়ে এটা এপ্লিকেছন বা এলানি ৱেব পেজৰ মাজেদি গৈ থাকোতে তেওঁৰ সৈতে সংযোগ বজাই ৰাখিবলৈ ইফকো টকিঅ'ই কুকীজ ব্যৱহাৰ কৰিব পাৰে। এই প্ৰসংগত কুকীজৰ উদ্দেশ্য হ'ল ব্যৱহাৰকাৰীৰ ইনপুটবোৰ মনত ৰখা। উদাহৰণ স্বৰূপে, এটা "শ্বপিং কাৰ্ট" এপ্লিকেছনে ব্যৱহাৰকাৰীয়ে চ্চেকআউট নকৰালৈকে তেওঁ কৰা ক্ৰয়সমূহৰ অভিলেখ ৰাখি যায়। ব্যক্তিগতকৰণ বৈশিষ্ট্যসমূহেও ব্যৱহাৰকাৰীৰ এটা গোট চিনাক্ত কৰি যথাযথ কনটেণ্ট্ আৰু সেৱা প্ৰদানৰ বাবে কুকীজ ব্যৱহাৰ কৰে।

আপোনাৰ ব্যক্তিগত ডেটাৰ সদৰিকৰণ. ইফকো টকিঅ'ই এই ৱেবচাইটৰ জৰিয়তে সংগ্ৰহ কৰা ব্যক্তিগত ডেটাৰ গোটেইখিনি বা কিছু অংশ ইয়াৰ সহযোগী সংস্থাসমূহৰ সৈতে ভগাই ল'ব পাৰে, যি এইবোৰ ডেটা ব্যৱহাৰ কৰিব এই গোপনীয়তাৰ নীতি অনুসাৰে। ইফকো টকিঅ' আৰু ইয়াৰ সহযোগী সংস্থাসমূহ এই দুয়োটাই ইয়াৰ ৱেবচাইটৰ জৰিয়তে সংগ্ৰহ কৰা ব্যক্তিগত ডেটা কোনো তৃতীয়-পক্ষ বিক্ৰেতাৰ লগতো ভগাই ল'ব পাৰে যিসকলে ইফকো টকিঅ' বা ইয়াৰ সহযোগীসকলৰ (উদাহৰণ স্বৰূপে, ডেটা প্ৰসংস্কৰণ সেৱা, বা আমাৰ উৎপাদ তথা সেৱাসমূহৰ বিপণনত সহায় কৰা কোম্পানীসমূহকে ধৰি আমাক সমৰ্থন সেৱা আগবঢ়োৱা কোম্পানীসমূহ) বাবে বা এই দুটা গোটৰ হৈ কাম কৰে। নিজৰ কাম কৰিবলৈ এই কোম্পানীবোৰক আপোনাৰ বিষয়ে তথ্য লগা হ'ব পাৰে। আমি ভগাই লোৱা এইবোৰ তথ্য আন কোনো উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ এইবোৰ কোম্পানীক কৰ্ত্তৃত্ব দিয়া হোৱা নাই। ইয়াৰ বাহিৰেও, আন কিছুমান, সীমিত পৰিশ্তিত থাকিব পাৰে, য'ত ইফকো টকিঅ' আৰু ইয়াৰ সহযোগী কোম্পানীসমূহে আমাৰ ডেটাবেছত থকা ব্যক্তিগত ডেটা ভগাই ল'ব পাৰে বা হস্তান্তৰ কৰিব পাৰে, উদাহৰণ স্বৰূপে বৈধ প্ৰয়োজনসমূহৰ অনুপালনৰ বাবে, ন্যায়ৰ প্ৰশাসনৰ বাবে, আপোনাৰ গুৰুত্বপূৰ্ণ স্বাৰ্থসমূহ সুৰক্ষিত কৰিবলৈ, বা এটা কোম্পানীৰ বিক্ৰী, চামিলকৰণ, পুনৰসংগঠন, ভংগকৰণ, বা সেইজাতীয় ঘটনা।

কোনো তৃতীয় পক্ষৰদ্বাৰা বেআইনী অৱৰোধন বা আন অপব্যৱহাৰৰ বিৰুদ্ধে ডেটা সৰবৰাহৰ কোনো প্ৰক্ৰিয়াতে নিশ্চয়তা দিব নোৱাৰি যদিও, ইফকো টকিঅ'ই ইয়াৰ ভৌতিক সুবিধাসমূহত আপোনাৰ ডেটাৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ উদ্যোগৰ মানক এনক্ৰিপছন আৰু অফলাইন নিৰাপত্তা প্ৰক্ৰিয়াকে ধৰি ব্যৱসায়িকভাৱে যুক্তিসংগত প্ৰচেষ্টা চলায়।

ইফকো টকিঅ'ই জানি-শুনি তেৰ বছৰৰ অনুৰ্ধৰ শিশুৰ ব্যক্তিগত তথ্য সংগ্ৰহ নকৰে। আপুনি যদি তেৰ বছৰতকৈ কম বয়সৰ, অনুগ্ৰহ কৰি আমাক আপোনাকৰ কোনো ব্যক্তিগত ডেটা নিদিব। এটা শিশুৱে ইফকো টকিঅ'ক ব্যক্তিগত ডেটা দিয়া বুলি যদি যুক্তিসংগতভাৱে পতিয়ন গৈছে, তেন্তে অনগ্ৰ কৰি আমাৰ সৈতে যোগাযোগ কৰক, আমি আমাৰ ডেটাবেছৰপৰা সেই তথ্য আঁতৰাবলৈ চেষ্টা কৰিম।

আন ছাইটলৈ লিংক. এই গোপনীয়তাৰ নীতি কেৱল ইফকো টকিঅ'ৰ ৱেবচাইটৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ইফকো টকিঅ' আৰু ইয়াৰ সহযোগী কোম্পানীসমূহ, আন উদ্দেশ্যৰ বাবে থকা আৰু বেলেগ আইন প্ৰযোজ্য বেলেগ দেশত থকা আন বীমা ৱেবচাইটসমূহ আপুনি যদি ইফকো টকিঅ'ৰ ৱেবচাইট ভিজিট কৰে, তেন্তে সেই চাইটত প'ষ্ট কৰা গোপনীয়তাৰ নীতি পুনৰীক্ষণ কৰিবলৈ অনুগ্ৰহ কৰি খন্তেক সময় উলিয়াব এই কথা জানিবলৈ-কেনেকুৱা ব্যক্তিগত ডেটা সংগ্ৰহ কৰিব পাৰি আৰু কেনেকৈ ইয়াৰ প্ৰসংস্কৰণ কৰা হয়.

ইফকো টকিঅ'ৰ ৱেবচাইটত এনে কিছুমান ৱ্বচাইটৰ পাইপাৰলিংক আছে যিবোৰ ইফকো টকিঅ' বা আমাৰ কোনো সহযোগী কোম্পানীৰদ্বাৰা পৰিচালিত নহয়। আপোনাৰ প্ৰসংগ আৰু সুবিধাৰ বাবেহে এই হাইপাৰলিংকবোৰ দিয়া হৈচে আৰু ই সেইবোৰ তৃতীয় পক্ষৰ কাম-কাজৰ প্ৰতি সমৰ্থন বা সেই ৱেবচাইটবোৰৰ পৰিচালকৰ সৈতে কোনো সহযোগিতা নুবুজায়। ইফকো টকিঅ'ই এই ৱেবচাইটবোৰ নিয়ন্ত্ৰণ নকৰে আৰু সিবিলাকৰ ডেটা সম্পৰ্কীয় প্ৰথাৰ বাবে ইফকো টকিঅ' উত্তৰদায়ী নহয়। এই চাইট ব্যৱহাৰ কৰাৰ আগতে বা আপোনাৰ নিজৰ বিষয়ে কোনো ব্যক্তিগত ডেটা দিয়াৰ আগতে এই ৱেবচাইটত প'ষ্ট কৰা গোপনীয়তাৰ নীতি পুনৰীক্ষণ কৰিবলৈ আমি আপোনাক আহ্বান জনাইছো।

প্ৰশাসনৰ আইন. গোপনীয়তাৰ নীতি আমাৰ ৱেবচাইটৰ নিয়ম আৰু চৰ্ত্তাৱলীৰ এটা অংশ আৰু সেই অৰ্থতে ইয়াৰ প্ৰশাসন আৰু ব্যাখ্যা ভাৰতীয় আইন অনুসাৰে হ'ব।

আমাৰ গোপনীয়তাৰ নীতি সম্পৰ্কে প্ৰশ্নাৱলী. এই গোপনীয়তাৰ নীতি সম্পৰ্কে আপোনাৰ যদি কিবা প্ৰশ্ন আছে বা আপোনাৰ ব্যক্তিগত ডেটা ইফকো টকিঅ'ই যিধৰণে প্ৰসংস্কৰণ কৰে তাত যদি আপোনাৰ কিবা উদ্বেগ আছে তেন্তে অনুগ্ৰহ কৰি আমাৰ সৈতে যোগাযোগ কৰক।


Download Motor Policy

Feedback