Claims

PrintPrintEmail this PageEmail this Page

ব্যক্তিগত বীমা ক্লেইম

  • বীমাকৰ্তা কোম্পানীলৈ তাৎক্ষণিক সূচনা।
  • দুৰ্ঘটনামূলক মৃত্যু হ'লে বীমাকৃত মূলধন খিনি বীমাকৃতজনৰ বৈধ মনোনীত ব্যক্তি অথবা মনোনীতৰ বাবে নিযুক্ত ব্যক্তিক পৰিশোধ কৰা হয়। যদিহে বীমাকৃতজনে মনোনীত ব্যক্তিৰ নাম জমা কৰাত বিফল হয়, তেন্তে আদালতৰ পৰা সংগৃহীত উত্তৰাধিকাৰী প্ৰমাণপত্ৰ জৰুৰী হ'ব।

অন্য ক্লেইমৰ ক্ষেত্ৰত, বীমাকৰ্তা কোম্পানীবোৰে বীমাকৃতসকলক বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰোৱাব পাৰে অথবা প্ৰয়োজন সাপেক্ষে বিষয়টো মেডিকেল বোৰ্ডলৈ প্ৰেৰণ কৰিব পাৰে, যিটোৰ ব্যয় বহন কৰিব বীমাকৰ্তা কোম্পানীয়ে।

অগ্নি / IAR প'লিচিৰ অধীনৰ ক্লেইম

  • প্ৰথমতে, বীমাকৃতজনে ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবলৈ সম্ভৱপৰ সকলো পদক্ষেপ ল'ব লাগে।
  • অগ্নি নিৰ্বাপক বাহিনীক তাৎক্ষণিকভাৱে খবৰ কৰিব লাগে।
  • সংঘৰ্ষকাৰী জনতা, ধৰ্মঘটকাৰী শ্ৰমিক, কোনো তৃতীয় পক্ষ অথবা সন্ত্ৰাসবাদীৰ দ্বাৰা কৰা দুৰ্ভাৱনাপূৰ্ণ বিনষ্টৰ কাৰণে অগ্নিকাণ্ড সংঘটিত হ'লে পুলিচৰ ওচৰত গোচৰ তৰিব লাগে।
  • বীমাকৰ্তা কোম্পানীক যিমান সোনকালে পাৰে জনাওক, কোনোপধ্যেই ২৪ তকৈ পলম নকৰিব।
  • প্ৰাসংগীক তথ্যৰ আলমত বীমাকৰ্তা কোম্পানীয়ে নিয়োগ কৰা পৰ্য্যৱেক্ষনকাৰীৰ সৈতে সহযোগিতা কৰক।
  • ঘূৰ্ণীবতাহ, বনাপানী আৰু প্লাৱনৰ বাবে হোৱা ক্ষতিৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰতিবেদন সংগ্ৰহ কৰক।
  • যদিহে প'লিচি "পুনৰ্বাহাল ভিত্তিত" থাকে, তেন্তে ক্ষতিগ্ৰস্থ সামগ্ৰীবোৰৰ মেৰামতি/ সাল-সলনি সম্পূৰ্ণ হোৱাৰ পিছত আৰু ক্লেইম পৰিশোধৰ বাবে বিল জমা কৰাৰ পিছত হে সেই ক্লেইম নিষ্পত্তি কৰা হয়।

চুৰিকাৰ্য্যৰ ক্লেইম/ টকাৰ বীমা/ বিশ্বস্বতা

  • ততালিকে পুলিচৰ ওচৰত গোচৰ দিয়ক আৰু চুৰি হোৱা সামগ্ৰীবোৰ যে উদ্ধাৰ কৰিব পৰা নাই তাৰ বাবে শুং-সূত্ৰহীন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰক।
  • বীমাকৰ্তা কোম্পানীক যিমান সোনকালে পাৰে জনাওক।
  • যেতিয়া চুৰিমাল উদ্ধাৰ কৰা হ'ব তেতিয়া ক্লেইম কৰা ধনৰ পৰিমাণ পুনৰ ঘূৰাই পাবলৈ বীমাকৰ্তাই উপযুক্ত মূল্যৰ দলিল পত্ৰত এখন প্ৰতিশ্ৰুতি পত্ৰ -লেটাৰ অব্ চাব্ৰোগেচন-ৰ বাবে জোৰ কৰিব।
  • পুলিচৰ পৰা চূড়ান্ত প্ৰতিবেদন এখন বিচাৰক।
  • বীমাকৃতই সেই ঘটনাৰ দিনা হোৱা লোকচানৰ প্ৰমাণ দিবলৈ পৰ্য্যৱেক্ষণকাৰীৰ ওচৰত একাউন্টৰ সম্পূৰ্ণ বুক আৰু বিল সমূহ দাখিল কৰিব লাগিব।

যান্ত্ৰিক বিজুতি

  • বীমাকৰ্তাক ততালিকে জনাওক।
  • পৰীক্ষণৰ ব্যৱস্থা কৰাৰ বাবে ক্লেইমৰ জাননী আৰু মেৰামতিৰ সম্ভাৱ্য খৰছ বীমাকৰ্তাৰ ওচৰত দাখিল কৰিব লাগিব।
  • আংশিক লোকচানৰ ক্ষেত্ৰত, মূল্যহ্ৰাস ক্লেইম কৰা নহয় কিন্তু সামগ্ৰীবোৰ যদিহে বৰ্তমানৰ সেই দিনটোৰ ৰিপ্লেচমেন্টৰ মূল্যৰ বাবে বীমা কৰা নহয়, সেই সামগ্ৰীবোৰ বীমা অধীন বুলি গন্য কৰা হয় আৰু সেইমতে ক্লেইম পৰিমাণ সমানুপাতিকভাৱে হ্ৰাস কৰা হয়। মূল্য হ্ৰাস কেৱল সম্পূৰ্ণ লোকচান ক্লেইমৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়।
  • যদিহে কোনো ঘৰুৱা সামগ্ৰী আংশিকভাৱে ক্ষতিগ্ৰস্থ, তাক ব্যৱহাৰ কৰাৰ আগতে মেৰামতি কৰাব লাগে(বীমা কোম্পানীৰ অনুমোদন মৰ্মে), অন্যথা ভৱিষ্যতে কোনো ক্ষতি ক'ভাৰ কৰা নহয়।

বৈদ্যুতিক উপকৰনসমূহ

  • বীমাকৰ্তাক ততালিকে জনাওক।
  • পৰীক্ষণৰ ব্যৱস্থা কৰাৰ বাবে ক্লেইমৰ জাননী আৰু মেৰামতিৰ সম্ভাৱ্য খৰছ বীমাকৰ্তাৰ ওচৰত দাখিল কৰিব লাগিব।
  • আংশিক লোকচানৰ ক্ষেত্ৰত, সীমিত আয়ুস সীমাৰ সামগ্ৰীৰ বাহিৰে অন্যৰ সলনি কৰা পাৰ্টচৰ বাবদ মূল্যহ্ৰাসৰ হেতুকে কোনো মূল্য কৰ্তন কৰা নহ'ব, কিন্তু ৰক্ষা পৰা সামগ্ৰীৰ মূল্য একাউন্টৰ আওঁতালৈ অনা হ'ব।
  • যদিহে কোনো ঘৰুৱা সামগ্ৰী আংশিকভাৱে ক্ষতিগ্ৰস্থ, তাক ব্যৱহাৰ কৰাৰ আগতে মেৰামতি কৰাব লাগে(বীমা কোম্পানীৰ অনুমোদন মৰ্মে), অন্যথা ভৱিষ্যতে কোনো ক্ষতি ক'ভাৰ কৰা নহয়।

ঘৰুৱা সা-সামগ্ৰী অনা-নিয়াত/পৰাগমনত

  • ঘৰুৱা সামগ্ৰী অনা-নিয়া কাৰ্য্যত যদিহে কোনো ক্ষতিৰ সন্দেহ হয়, কেৰিয়াৰক খোলা সামগ্ৰী ডেলিভাৰী দিয়াৰ বাবে জোৰ কৰিব লাগে আৰু সামগ্ৰীবিলাকৰ প্ৰমানপত্ৰ বিচাৰিব লাগে।
  • ঘৰুৱা সামগ্ৰী অনা-নিয়া কাৰ্য্যত যদিহে কোনো ক্ষতি হয়, পুনৰোদ্ধাৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কেৰিয়াৰৰ বিৰুদ্ধে এটা মানিটেৰী ক্লেইম তুলিব লাগে , যাৰ অবিহনে সেই ক্লেইম গ্ৰাহ্য নহ'ব পাৰে।

সামুদ্ৰিক পৰাগমন ক্ষতি

  • আচল ইনভইচ আৰু পেকিং তালিকা- যদিহে ইনভইচৰ অংশ হয়।
  • অনা-নিয়া কাৰ্য্যত যদিহে কোনো ক্ষতিৰ সন্দেহ হয়, কেৰিয়াৰক খোলা সামগ্ৰী ডেলিভাৰী দিয়াৰ বাবে জোৰ কৰিব লাগে আৰু সামগ্ৰীবিলাকৰ প্ৰমানপত্ৰ বিচাৰিব লাগে।
  • আচল ল'ৰী প্ৰাপ্তি ৰছিদ (LR)/ লেডিং বিল (BL)- গুণগত মানদণ্ডৰ ক্ষতি হোৱা অথবা পৰাগমনত হেৰুওৱাৰ বাবে মন্তৱ্যৰে অধিগৃহীত।
  • ঘোষণা প'লিচিৰ ক্ষেত্ৰত- মালবস্তু খিনি ঘোষিত হোৱা উচিত আৰু অৱশিষ্টৰ সীমাৰ ভিতৰত বীমা কৰা উচিত।
  • পৰিবহনৰ জৰিয়তে অনি-নিয়া কৰোতে ক্ষতি/বিনষ্ট হ'লে পুনৰোদ্ধাৰৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ নিৰ্দিষ্ট সমু-সীমাৰ ভিতৰত কেৰিয়াৰৰ বিৰুদ্ধে মানিটেৰী ক্লেইম তৰিব লাগে।
  • কেৰিয়াৰৰ পৰা বিনষ্ট/কম হোৱা প্ৰমাণ-পত্ৰ।
  • সেই ক্ষতি/বিনষ্টৰ প্ৰকৃতি, কাৰণ আৰু ব্যাপকতা নিশ্চিত কৰিবলৈ এজন পৰ্য্যৱেক্ষনকাৰী ( বীমাকৰ্তা কোম্পানীয়ে সন্মতি দিয়া) নিয়োগ কৰিব লাগে।

Download Motor Policy

Feedback