দাবীসমূহ

PrintPrintEmail this PageEmail this Page

আটাইবোৰ বীমা অনুবন্ধৰ ভিত্তি হ'ল বীমাকৃত ব্যক্তিয়ে প্ৰস্তাৱ প্ৰপত্ৰত দিয়া তথ্যসমূহ। এই প্ৰস্তাৱ প্ৰপত্ৰই হ'ল বীমা অনুবন্ধসমূহৰ ভিত্তি। 

আপোনাক দাবী কৰ্মপদ্ধতিত সহায় কৰিব পৰা কেইটামান গুৰুত্বপূৰ্ণ বিন্দু।

  • লোকচান বা ক্ষতিৰ কথা বীমা কোম্পানীক তৎক্ষণাৎ জনোৱা উচিত।
  • দাবীৰ বিষয়ে অৱগত হোৱাৰ পাছত বীমা কোম্পানীয়ে এখন দাবী প্ৰপত্ৰ প্ৰেণ কৰিব।
  • লোকচানৰ এটা প্ৰাককলনৰ সৈতে সম্পূৰ্ণ কৰা এই দাবী প্ৰপত্ৰখন বীমা কোম্পানীৰ ওচৰত দাখিল কৰক। বেলেগ বেলেগ প্ৰৱিষ্টিত পৃথক প্ৰাককলন দাখিল কৰিব পৰাটো শ্ৰেয়ঃ।
  • লোকচানৰ মূল্যায়ন কৰিবলৈ বীমা কোম্পানীয়ে নষ্ট হোৱা বস্তুসমূহৰ এটা পৰিদৰ্শনৰ ব্যৱস্থা কৰিব। গুৰতৰ লোকচানৰ ক্ষেত্ৰত বিশেষজ্ঞৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত জৰীপকৰ্ত্তাক এই দায়িত্ব দিয়া হ'ব।
  • লোকচানৰ ব্যাপ্তি তথ্য সহকাৰে প্ৰতিপন্ন কৰিবলৈ বীমাকৃত ব্যক্তিয়ে প্ৰয়োজনীয় নথি-পত্ৰসমূহ দিব লাগিব।
  • যদি লোকচানৰ কথা প্ৰতিষ্ঠিত কৰিব পৰা নাযায়, তন্তে বীমাই সামৰি লোৱা এটা বিপৰ্য্যয়ৰ ফলত লোকচান বা ক্ষতি হৈছে বুলি বীমাকৃত ব্যক্তিয়ে প্ৰমাণ কৰি দেখুৱাব লাগিব।
  • বীমাকৃত ব্যক্তি আৰু বীমা কোম্পানী দাবীৰ ধনৰাশিৰ সম্পৰ্কত এটা সহমতলৈ আহিলে দাবী মীমাংসা কৰা হ'ব।
  • পলিচীৰ নিয়ম আৰু চৰ্ত্তাৱলীত উল্লেখ কৰা মতে অত্যধিক মাত্ৰাত কৰা দাবীৰ ধন, আদায় দিবলগীয়া দাবীৰ ধনৰাশিৰপৰা কৰ্ত্তন কৰা হ'ব।

পলিচীবোৰৰ ভিন্ন প্ৰকৃতিৰ বাবে, ওপৰত দিয়া কথাবোৰৰ বাহিৰেও, বেলেগ বেলেগ পলিচীৰ কিছুমান স্বকীয় বৈশিষ্ট্যৰ কথা তলত উল্লেখ কৰা হৈছেঃ (অনুগ্ৰহ কৰি মন কৰিব ইয়াত উল্লেখ কৰা নথি-পত্ৰসমূহ ইংগিতসূচকহে আৰু বীমা কোম্পানীয়ে অতিৰিক্ত নথি-পত্ৰ বিচাৰিব পাৰে।

মটৰ বাহন (ব্যক্তিগত আৰু দুচকীয়া) দাবীসমূহ

মটৰ পলিচীসমূহৰ অধীনত দাবীসমূহ

  • তৃতীয় পক্ষ জড়িত হৈ থকা এটা দুৰ্ঘটনাৰ কথা (এটা দাবী হ'বই লাগিব বুলি কথা নাই) বীমা কোম্পানীক জনোৱা উচিত।
  • ধনাদায় কৰাটো তেওঁৰ দায়িত্ব হয়নে নহয় সেই প্ৰশ্নলৈ নোযোৱাকৈ বীমাকৃত ব্যক্তিয়ে ক্ষতিপূৰণ দিবলৈ আগ্ৰহ দেখুৱাব পাৰে। সেয়েহে পলিচীৰ এটা স্পষ্ট চৰ্ত্ত হৈছে, বীমা কোম্পানীৰ অনুমোদন নোহোৱাকৈ, কোনো দাবী মানি লোৱা বা কোনো আপোচ মীমাংসালৈ অহা অনুচিত।
  • গুৰুতৰ দাবীৰ ক্ষেত্ৰত, বীমা কোম্পানীয়ে ড্ৰাইভাৰৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত তেওঁক প্ৰতিৰক্ষা প্ৰদান কৰিবলৈ ইচ্ছুক হ'ব পাৰে যিটো গোচৰৰ ওপৰত ভিত্তি কৰি দেৱানী আদালতে ক্ষতিপূৰণ দাবীৰ এটা অংকত উপনীত হ'ব পাৰে।
  • তৃতীয় পক্ষ জড়িত হৈ থকা যিকোনো দুৰ্ঘটনাৰ কথা পুলিচক জনোৱা উচিত। মটৰ বাহন অধিনিয়মৰ ব্যৱস্থা অনুসাৰে এজন তৃতীয় পক্ষৰ বলিয়ে পোনে পোনে বীমা কোম্পানীৰ বিৰুদ্ধে গোচৰ তৰিব পাৰে। যদিহে সংঘটিত হোৱা বুলি অভিযোগ উঠা দুৰ্ঘটনাটোৰ কথা বীমা কোম্পানীক জনোৱা নহয় তেন্তে বীমা কোম্পানীয়ে সেইটো, পলিচীৰ চৰ্ত্তাৱলীৰ উলংঘন বুলি ধৰিব পাৰে।

       Procedure
এটা দুৰ্ঘটনাৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপসমূহঃ

  • IFFCO টকিঅ' জেনেৰেল ইঞ্চিউৰেন্সৰ শুল্কবিহীন নম্বৰ 1800 103 5499 লৈ ফোন কৰি দুৰ্ঘটনাৰ জাননী দিয়া উচিত।
  • যদি ক্ষতি গুৰুতৰ প্ৰকৃতিৰ হয়, তেন্তে বাহনখন ঘটনাস্থলীৰপৰা আঁতৰাই লৈ যোৱাৰ আগতেই বীমা কোম্পানীক দুৰ্ঘটনাৰ কথা জনাব পৰা যায় যাতে বীমা কোম্পানীয়ে ঘটনাস্থলীত গৈ ক্ষতিৰ পৰিদৰ্শনৰ ব্যৱস্থা কৰিব পাৰে।
  • বাহনখন তাৰপিছত এটা কাৰখানালৈ নিব পৰা যায়, পৰাপক্ষত এটা স্বীকৃতিপ্ৰাপ্ত কাৰখানালৈ, যাতে মেৰামতিৰ বাবে হোৱা খৰচৰ প্ৰাককলন কৰিব পৰা যায়।
  • পূৰণ কৰা দাবী প্ৰপত্ৰ আৰু মেৰামতি ব্যয়ৰ প্ৰাককলন পোৱাৰ পাছত, বীমা কোম্পানীয়ে ক্ষতিৰ বিস্তৃত পৰিদৰ্শনৰ ব্যৱস্থা কৰিব আৰু মেৰামতিৰ বাবে হোৱা খৰচ নিশ্চিত কৰা হ'ব।
  • বীমা কোম্পানীয়ে নিশ্চিত কৰিব যথাযথ অনুজ্ঞাপত্ৰ থকা ব্যক্তিয়ে বাহনখন চলাইছিল আৰু দুৰ্ঘটনাত পতিত হোৱা বাহনখন তেওঁলোকৰ বহীত বীমা কৰি থোৱা বাহনখনেই। এই উদ্দেশ্যে, তেওঁলোকে বাহনখনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ আৰু দুৰ্ঘটনাৰ সময়ত বাহনখন চলাই থকা লোকজনৰ অনুজ্ঞাপত্ৰ সত্যাপন কৰিব।
  • এই কাম সম্পূৰ্ণ হোৱাৰ পাছত মেৰামতিকাৰীক বাহনখন মেৰামতিৰ কাম আগবঢ়াই নিবলৈ কৰ্ত্তৃত্ব প্ৰদান কৰা হ'ব। মেৰামতিৰ বিলৰ ধন সংশ্লিষ্ট গেৰেজক পোনে পোনে আদায় দিয়া হ'ব বুলি বা মেৰামতিৰ বাবে হোৱা খৰচ বীমাকৃত ব্যক্তিক পৰিশোধ কৰা হ'ব বুলি বীমা কোম্পানীয়ে প্ৰতিশ্ৰুতি দিব পাৰে।

নিজে কৰা ক্ষতিৰ দাবীৰ বাবে কি কৰিব লাগিব?

  • এটা দুৰ্ঘটনাৰ ফলত কোনো ব্যক্তিয়ে আঘাত পোৱাৰ ক্ষেত্ৰত অনুগ্ৰহ কৰি চিকিৎসা সাহায্যৰ ব্যৱস্থা কৰক।দুৰ্ঘটনাত যদি আন বাহন/ব্যক্তি জড়িত বৈ আছিল, সেই সকলৰ বিশদ তথ্যবোৰ টুকি ৰাখক।অনুগ্ৰহ কৰি দুৰ্ঘটনাৰ সময়ত হোৱা কোনো অৱহেলাৰ মনোভাৱ মানি নল'ব বা ক্ষতিপূৰণৰ অংকটোৰ প্ৰশ্নত কাকো কোনো ধৰণৰ কথা নিদিব।
  • আঘাত, মৃত্যু, তৃতীয় পক্ষৰ সম্পত্তি বিনষ্ট হোৱা, চুৰি, ডকাইতি, ঘৰত অনধিকাৰ প্ৰৱেশ আৰু বিদ্বেষপূৰ্ণ কাৰ্য্য, সাম্প্ৰদায়িক সংঘৰ্ষ, ধৰ্মঘট আৰু সন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ বাবে হোৱা ক্ষতিৰ ক্ষেত্ৰত ততালিকে সংশ্লিষ্ট পুলিচ থানাত খবৰ দিয়াটো অত্যাৱশ্যকীয়।
  • যদি দুৰ্ঘটনাটো গুৰুতৰ প্ৰকৃতিৰ হয়, আৰু বাহনখন আঁতৰাব পৰা নাযায় তেন্তে ঘটনাস্থলীত বাহনখনৰ যথাযথ নিৰাপত্তা সুনিশ্চিত কৰক। অনুগ্ৰহ কৰি দুৰ্ঘটনাৰ পাছত আৰু বাহনখনৰ প্ৰয়োজনীয় মেৰামতি নকৰাকৈ বাহনখনৰ ইঞ্জিন ষ্টাৰ্ট কৰিবলৈ বা চলাই নিবলৈ চেষ্টা নকৰিব।
  • আপুনি বিচৰা মতে সমীপৰ এটা গেৰেজলৈ বাহনখন স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰক আৰু এটা বিস্তৃত প্ৰাককলন (শ্ৰমিকৰ বাবে হোৱা ভৰণি, অংশৰ তালিকা আৰু সিবিলাকৰ মূল্যৰ সৈতে) তৈয়াৰ কৰিবলৈ তেওঁলোকক কওক।
  • বাহনখনৰ জৰীপ নকৰালৈকে/এজন জৰীপকৰ্ত্তাই ক্ষতিৰ মূল্যায়ন নকৰালৈকে অনুগ্ৰহ কৰি বাহনধনৰ দুৰ্ঘটনাজনিত অৱস্থা সলনি নকৰিব বা মেৰামতি নকৰিব। লগতে কোনো সময়তে কোনো অংশ বা সহায়ক সামগ্ৰী যাতে নেহেৰায় তাক সুনিশ্চিত কৰিব।
  • কোনো দুৰ্ঘটনা বা ক্ষতিৰ কথা তৎক্ষণাৎ আমাক জনাওক।
  • অনুগ্ৰহ কৰি যথাযথভাৱে/সম্পূৰ্ণৰূপে পূৰণ কৰা দাবী প্ৰপত্ৰ আমাৰ ওচৰত দাখিল কৰক।
  • এনে এজন মেৰামতিকাৰীক পোনে পোনে ধনাদায় কৰাৰ সুবিধা ল'বলৈ নগদধনৰহিত সুবিধা সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ কথা জানিবলৈ আমাৰ সৈতে যোগাযোগ কৰক।
  • সত্যাপন আৰু ঘূৰাই দিয়াৰ বাবে দাখিল কৰিবলগীয়া নথি-পত্ৰ (ফটোকপিৰ এটা ছেটৰ সৈতে)
  • বাহন পঞ্জীয়ন বহীৰ মূল প্ৰতিলিপি (ফিটনেছ চাৰ্টিফিকেটৰ সৈতে, যদি সেইখন বেলেগ নথি)
  • ড্ৰাইভিং লাইছেঞ্চৰ মূল প্ৰতিলিপি
  • দাখিল কৰিবলগীয়া প্ৰলেখন
  • পুলিচৰ ওচৰত দাখিল কৰা অভিযোগৰ (এজাহাৰৰ) প্ৰতিলিপি
  • মেৰামতিৰ প্ৰাককলন
  • আপোনাৰ দাবীৰ প্ৰসংস্কৰণৰ বাবে আমি অতিৰিক্ত নথি-পত্ৰ বিচাৰিব পাৰে আৰু সেইটো নিৰ্ভৰ কৰিব দাবীৰ ওপৰত। অনুগ্ৰহ কৰি সেইবোৰ দাখিলৰ ব্যৱস্থা কৰক।
  • এজন জৰীপকৰ্ত্তা/মূল্যায়নকৰ্ত্তাৰদ্বাৰা আটাইবোৰ ক্ষতি/লোকচানৰ জৰীপ আৰু মূল্যায়ন কৰা হ'ব আৰু এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে দাবীৰ গ্ৰহণযোগ্যতা আৰু দাবী মীমাংসাৰ উপায় সম্পৰ্কে সিদ্ধান্ত লোৱা হ'ব।

অনুগ্ৰহ কৰি মন কৰিবঃ দাবী প্ৰপত্ৰত আমাক আপোনাৰ শুদ্ধ আৰু সম্পূৰ্ণ যোগাযোগৰ বিশদ তথ্য (ঠিকনা/টেলিফোন নম্ৰ/মেইল ID) দিয়াটো সুনিশ্চিত কৰক। দুৰ্ঘটনাৰ সম্পৰ্কে আপুনি যদি কিবা জাননী বা চমন পাইছে (কিবা ফৌজদাৰী গোচৰৰ বিচাৰকাৰ্য্য বিষয়ক যদি তাৰ বাহিৰে) চেন্তে আবেদনৰ এটা প্ৰতিলিপিৰ সৈতে আমাৰ সৈতে যোগাযোগ কৰক। 

চুৰি বিষয়ক দাবীৰ ক্ষেত্ৰত কি কৰিব লাগিব?

  • আপোনাৰ বাহনখন যদি চুৰি হৈছে তেন্তে আপুনি কৰিবলগীয়া প্ৰথম কামটো হৈছে পুলিচৰ ওচৰত এটা অভিযোগ দাখিল কৰা।
  • এজাহাৰ দাখিলৰ পাছত লগে লগে আপুনি বাহন চুৰি হোৱাৰ কথাটো বীমা কোম্পানীৰ দৃষ্টিগোচৰ কৰক, এনে কৰিলে আপোনাৰ বাহন চোৰে আনৰ কিবা ক্ষতি কৰিলে সহায় পোৱা যাব। লগতে অনুগ্ৰহ কৰি মন কৰিব, আপুনি যদি পুলিচৰ ওচৰত এজাহাৰ দাখিল কৰা নাই তেন্তে আপোনাৰ বীমা কোম্পীনায়ে আপোনাৰ দাবী প্ৰসংস্কৰণ নকৰে।
  • আপুনি যেতিয়া আপোনাৰ বীমা কোম্পানীক কথাটো জনায়, তেতিয়া এজাহাৰৰ লগতে আপোনাৰ বাহনখনৰ ঋণ/লীজ বিষয়ত আটাইবোৰ বিশদ তথ্য আপোনাৰ বীমা কোম্পানীক প্ৰদান কৰক।
  • তেওঁলোকক প্ৰদান কৰক আপোনাৰ বাহনখনৰ এটা বিৱৰণ, মাইলেজ, আৰু আছে যদি ছাৰ্ভিচ ৰেকৰ্ড। লগতে আপোনাৰ বাহনৰ লগতে চুৰি হৈৱা ব্যক্তিগত সামগ্ৰীৰো এখন তালিকা দিয়ক।
  • চুৰিৰ কথা আপোনাৰ আঞ্চলিক পৰিবহণ কাৰ্য্যালয়ক (RTO) জনোৱাটোও গুৰুত্বপূৰ্ণ।
  • আপোনাৰ বিত্ত যোগানকাৰীক তৎক্ষণাৎ চুৰিৰ কথাটো জানিবলৈ দিয়ক আৰু আপোনাৰ বীমা কোম্পানীৰ সৈতে কথাটো পোনে পোনে আলোচনা কৰিবলৈ তেওঁলোকক কওক। ই আপোনাৰ দাবী মীমাংসাৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰিব।
  • পুলিচে যদি আপোনাৰ বাহনখন উদ্ধাৰ কৰিছে, তেন্তে সেই কথা আপোনাৰ বীমা কোম্পানীক জনাওক।
  • আপোনাৰ বাহনখন যদি উদ্ধাৰ কৰা হৈছে তেন্তে পলিচীৰ নিয়ম আৰু চৰ্ত্তাৱলী অনুসাৰে চুৰিৰ বাবে হোৱা বাহনখনৰ ক্ষতিৰ বাবে আৰু যদি কিবা তাৰ লগতে চুৰি হোৱা সামগ্ৰী আছে তেন্তে তাৰ ক্ষতিপূৰণ কৰিবলৈ বীমা কোম্পানী বাধ্য।
  • যদি বাহনখন উদ্ধাৰ কৰিব পৰা নাযায়, তেন্তে পুলিচে বিচাৰি নোপোৱাৰ প্ৰমাণপত্ৰ (NCT) আৰু আদালতে ফৌজদাৰী দণ্ড সংহিতাৰ ধাৰা 173 ৰ অধীনত এক চূড়ান্ত প্ৰতিবেদন দিব লাগিব।
  • এই মীমাংসাৰ ধনৰাশি ঠিক কৰা হ'ব বীমাকৃত ঘোষিত মূল্যৰ ওপৰত ভিত্তি কৰি। অৱশ্যে ব্যৱহাৰ আৰু বজাৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰি ই বেলেগ হ'ব পাৰে।

Download Motor Policy

Feedback