ভাৰতৰ সবাতোকৈ বিশ্বাসী কাৰ বীমা কোম্পানী হিচাপে, ইফফচো টকিঅ'ই অভাৱনীয় হিতাধিকাৰ, সহজ দাবী আৰু... ৰেaদ মোৰে
ইফফচো টকিঅ'ৰ ব্যৱসায়িক বাহন বীমা হ'ল এনে এখম বীমা পলিচী যি আপোনাৰ ব্যৱসায়িক বাহনখনক ব্যক্তিগত আৰু... ৰেaদ মোৰে
Two wheeler insurance policy
দুচকীয়া বাহন খুব সম্ভৱ মানুহে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া অন্যতম বিকল্প যাৰদ্বাৰা তেওঁলোকে দৈনিক... ৰেaদ মোৰে
Iffco Tokio's 24x7 on road assistance
ইফফচো টকিঅ'ই কেৱল অনলাইনতহে ক্ৰয় কৰা ব্যক্তিগত কাৰ সৰ্বাত্মক পলিচীৰ সৈতে লভ্য এই অতিৰিক্ত... ৰেaদ মোৰে
Value Auto Coverage
অ সেত ওফ উনিqুে বেনেফিtস প্ৰোৱিdেদ অত অ vেৰ্ত সমলল চোসত ফoৰ মোতোৰ পচকgে পোলিচয়

IFFCO টকিঅ'ই দিয়া সৰ্বশ্ৰেষ্ঠ অনলাইন মটৰ বীমা পলিচী


কাৰবোৰক সম্ভাৱ্য আটাইবোৰ বিপদাশংকাৰপৰা সুৰক্ষা দিবলৈ IFFCO টকিঅ'ই প্ৰদান কৰে সৰ্বশ্ৰেষ্ঠ কাৰ বীমা পলিচী।যিকোনো সময়ত সংঘটিত হ'ব পৰা যিকোনো অপ্ৰত্যাশিত পৰিস্থিতিৰপৰা আপোনাক সুৰক্ষিত কৰিবলৈ, ভাৰতৰ অন্যতম অগ্ৰণী বীমা পলিচী কোম্পানী IFFCO টকিঅ'ই আপোনাক প্ৰদান কৰে এটা বিশাল পৰিসৰৰ মটৰ বীমা পলিচীসমূহ যিবোৰে আপোনাৰ অনুভৱনীয় সম্পত্তিক সুৰক্ষা দিয়াই নহয়, লগতে ইয়াক অপ্ৰত্যাশিত পৰিস্তিতিসমূহৰপৰাও সুৰক্ষা প্ৰদান কৰি থাকিব।

উপভোক্তাসকলৰ সম্পূৰ্ণ সাহায্যৰ বাবে গঢ় লৈ উঠা IFFCO টকিঅ'ই প্ৰদান কৰে অদ্বিতীয় মটৰ বীমা পলিচীৰ সুৰক্ষা যি প্ৰতিটো বিপদাশংকাৰপৰা আপোনাৰ কাৰখনক সুৰক্ষা দিয়ে আৰু লগতে আপোনাক এটা সম্পূৰ্ণ 'পথৰ-ওপৰৰ সাহায্য' সুবিধাও প্ৰদান কৰে।এই অনলাইন বাহন বীমা পলিচীয়া সেই আটাইবোৰ দায়িত্ব গাত পাতি লয় যিবোৰ উদ্ভৱ হ'ব পাৰে ড্ৰাইভিঙৰ সময়ত কোনো তৃতীয় পক্ষৰ এটা আঘাত বা মৃত্যু বা তৃতীয় পক্ষৰ সম্পত্তি বিনষ্ট হোৱাৰপৰা। আন কথাত ক'বলৈ গ'লে, ইয়াত সেই সকলোকিনি আছে যিখিনি আপুনি বজাৰৰ সৰ্বশ্ৰেষ্ঠ চাৰিচকীয়া বাহনৰ বীমাৰপৰা আশা কৰে।

মটৰ বীমা পলিচীয়ে কি কি সুৰক্ষা দিয়ে?

IFFCO টকিঅ'ৰ মটৰ বীমাত থাকে সম্পূৰ্ণ ক্ষতিপূৰণ সুবিধা, ই আপোনাক প্ৰদান কৰে সামপ্ৰদায়িক সংঘৰ্ষ, অগ্নিকাণ্ড, চুৰি, বিস্ফোৰণ, ধৰ্মঘট, সন্ত্ৰাসবাদী কাৰ্য্যকলাপ, আৰু বিদ্বেষপৰায়ণ কামৰপৰা। এই মটৰ বীমাই আপোনাক ভগৱানৰ কোপদৃষ্টিৰ সময়তো সুৰক্ষা দিয়ে, যেনে, ভূঁইকপ, ঘূৰ্ণীবতাহ, বানপানী, চুনামী ইত্যাদি।

এইবোৰৰ উপৰিও, IFFCO টকিঅ'ৰ মটৰ বীমা পলিচীয়ে বিভিন্ন অসুবিধাজনক পৰিস্থিতিত আপোনাৰল অতিৰিক্ত সুৰক্ষা প্ৰদান কৰে, যেনে (ড্ৰাইভিঙৰ সময়ত) অভ্যন্তৰীণ বিকলতা, বেটেৰী ডিচ্ছাৰ্জ, টায়াৰ পাংচাৰ, চাবি হেৰুওৱা ইত্যাদি।আমাৰ অনলাইন বাহন বীমা উৎপাদসমূহৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে বিনিয়োগকাৰীসকলক সমগ্ৰ ভাৰততে এটা দূৰ নেটৱৰ্ক পৰিকল্পনাৰ জৰিয়তে সেৱা কৰা।

মটৰ বীমাৰ হিতাধিকাৰসমূহঃ

NCB
সুৰক্ষা
2300 ৰো অধিক নগদধনৰহিত
নেটৱৰ্ক গেৰেজ
সমগ্ৰ ভাৰততে
নতুন বাহন
প্ৰতিস্থাপন
তাৎক্ষণিক অনলাইন
ক্ৰয় আৰু
নৱীকৰণ

অনলাইনত লাভ কৰক মটৰ বীমা পলিচী

মূল্যৰ কথা চিন্তা নকৰাকৈ গুণসম্পন্ন সেৱা বিচৰা উপভোক্তাসকলৰ মনোকামনা পূৰণ কৰি আমি আপোনাক মূল্যৱান সুৰক্ষা প্ৰদান কৰিবলৈ কৰা চেষ্টাৰ অংশ হিচাপে, আমাৰ অনলাইন মটৰ বীমা পলিচী বিষয়ক সমাধানসমূহত আছে অসুবিধাবিহীন আৰু ব্যৱহাৰকাৰীৰ বাবে সুচল ফিল্ডবোৰ যিবোৰে আপোনাক দাবী দাখিলৰ বাবে কেৱল সহজ ডমেইন প্ৰদান কৰাই নহয়, লগতে দাবী মীমাংসাৰ সুবিধাজনক কৰ্মপদ্ধতিও প্ৰদান কৰে। কামবোৰ ডিজিটীয়ভাৱে কৰাটোত IFFCO টকিঅ'ই মুখ্য গুৰুত্ব দি আহিছে, আৰু অনলাইনত আমাৰ চাৰিটা মটৰ বীমা উৎপাদৰ আটাইকেইটা সহজলভ্য কৰি, আমাৰ অনলাইন ডমেইনসমূহে আপোনাক সেইটো সুবিধাকে দিবলৈ চেষ্টা কৰি আহিছে।

এতিয়া আপুনি যিকোনো ঠাইৰপৰা যিকোনো সময়তে নামভৰ্ত্তি কৰিব পাৰে আৰু আপোনাৰ প্ৰয়োজনসমূহ পূৰণ হোৱাকৈ চাৰিচকীয়া বাহনৰ বাবে থকা মটৰ বীমা পৰিকল্পনাসমূহ তুলনা কৰিব পাৰে।এটা মানসিক চাপমুক্ত আৰু ব্যয়-সাৰ্থক উপায়েৰে আপোনাৰ প্ৰধান দাবীবোৰৰ বাবে ক্ষতিপূৰণ দি আমাৰ মটৰ বীমা পলিচীসমূহে আপোনাৰ স্বাধীনতা অক্ষুণ্ণ ৰাখে, যিটো কাম সাধাৰণতে অতি ব্যয়বহুল আৰু কষ্টকৰ হয়।.

আপোনাৰ মটৰগাড়ীখন হ'ল আপোনাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সম্পত্তি। IFFCO টকিঅ'ৰ মটৰ বীমা পলিচী লৈ সেইখনক আপুনি প্ৰদান কৰক তাৰ প্ৰাপ্য যত্ন আৰু দৃঢ় সুৰক্ষা। গতিকে, অনলাইনত IFFCO টকিঅ' বাহন বীমা ক্ৰয় কৰি আশ্বস্ত হৈ থাকক!


Download Motor Policy

Feedback