PrintPrintEmail this PageEmail this Page

ভাৰতত গ্ৰামীণ বীমা অনলাইনত ক্ৰয় কৰক

ক্ষুদ্ৰ বীমাৰ বাবে ইফফচোটকিঅ'ই লোৱা উদ্যমসমূহৰ চালিকা শক্তি হ'ল ইয়াৰ মূল কোম্পানী ইফফচোৰ দূৰদৃষ্টি যি ভাৰতীয় কৃষকসকলৰ জীৱনৰ মান উন্নততৰ কৰিবলৈ চেষ্টা কৰি আহিছে।বৰ্ত্তি থকা উৎপাদসমূহৰ কেৱল আকাৰ হ্ৰাস কৰাতকৈ, ই গ্ৰামীণ বজাৰত IFFCO ৰ অভিজ্ঞতাৰপৰা লাভ আহৰণ কৰি গঢ়ি তুলিছে এটা উৎপাদৰ বাস্কেট যাৰ বিশেষভাৱে ডিজাইন কৰা হৈছে কৃষি খণ্ডৰ কাৰণে।

কেইটামান উৎপাদ হ'ল:- - 

জনতা সুৰক্ষা বীমা যোজনা

জনতা সুৰক্ষা বীমা যোজনাৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে কৃষি তথা সংবদ্ধ কাৰ্য্যকলাপত জড়িত ক্ষুদ্ৰ আৰু উপান্ত কৃষক, শ্ৰমিক শ্ৰেণী আৰু গ্ৰামীণ পৰিয়াল আৰু চহৰীয় অৰ্থনীতিৰ অসংগঠিত খণ্ডত জড়িত হৈ থকা লোকসকলক এটা সৰল পেকেজ পলিচী প্ৰদান কৰাৰ লক্ষ্যেৰে, যাতে একেটা সুৰক্ষাৰ অধীনত তেওঁলোকে তেওঁলোকৰ আবাসগৃহ (ভৱন) আৰু ঘৰত থকা বয়-বস্তুসমূহক বানপানী, বজ্ৰপাত, ধুমুহা আৰু ভূঁইকপকে ধৰি অগ্নিকাণ্ড গোটৰ অধীনস্থ বিপৰ্য্যয়সমূহ আৰু চুৰিৰ বিপদাশংকাৰপৰা বীমা সুৰক্ষা প্ৰদান কৰিব পাৰে। ৰোদ মোৰে »

জনসেৱা বীমা যোজনা

জনসেৱা বীমা যোজনা পলিচীৰ ৰূপৰেখা প্ৰস্তুত কৰা হেছে ঘাইকৈ গ্ৰামীণ আৰু অৰ্দ্ধ-চহৰীয় পৰিয়ালসমূহৰএটা একক স্থিৰ সুৰক্ষা আৰু স্থিৰ মূল্য পেকেজ বীমা প্ৰদান কৰা, যাতে একেটা সুৰক্ষাৰ অধীনত কোনো সুৰুঙা নথকাকৈ তেওঁলোকে তেওঁলোকৰ সমগ্ৰ সম্পত্তি, স্বাৰ্থ, দায়িত্ব আৰু নিজকে সুৰক্ষিত কৰিব পাৰে। ৰোদ মোৰে »

কৃষক সুবিধা বীমা

কৃষক সুবিধা বীমা পলিচীৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে কৃষকসকল আৰু ঘাইকৈ কৃষিকৰ্মত নিয়োজিত গ্ৰামীণ পৰিয়ালৰ লোকসকলক এটা একক পেকেজ পলিচী প্ৰদান কৰা, যাতে একেটা সুৰক্ষাকৱচৰ অধীনত, তেওঁলোকে নিজৰ বাবে আৰু পৰিয়ালৰ সদস্যসকলৰ বাবে ব্যক্তিগত দুৰ্ঘটনা আৰু গুৰুতৰ অসুস্থতাৰ বিপদাশংকাৰপৰা সুৰক্ষাৰ লগতে তেওঁলোকৰ সমগ্ৰ সম্পত্তি আৰু স্বাৰ্থৰ বাবে সৰ্বাত্মক বীমা সুৰক্ষা লাভ কৰিব পাৰে। ৰোদ মোৰে »

পশুধন বীমা যোজনা

আমাৰ দেশত গৰু-ম'হৰ এজন সাধাৰণ গৰাকী হ'ল এজন ক্ষুদ্ৰ কৃষক যাৰ থাকে এটা বা দুটা গৰু-ম'হ। সেইজন কৃষকে তেওঁৰ গৰু-ম'হবোৰ পালন কৰে শস্য আৰু পশুধন উৎপাদন থকা এটা মিশ্ৰিত কৃষি ব্যৱস্থাৰ অংশ হিচাপে। কৃষিৰপৰা হোৱা ঋতুজনিত আয়ৰ পৰিপূৰক হিচাপে গাখীৰ বিক্ৰীৰ জৰিয়তে পশুধনৰপৰা হোৱা আয় ব্যৱহাৰ কৰা হয়। ৰোদ মোৰে »

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY)

কৃষি হ'ল আমাৰ দেশৰ মেৰুদণ্ডস্বৰূপ আৰু এজন কৃষক হিচাপে আপুনি আগবঢ়োৱা অৱদানে দেশৰ অৰ্থনীতি ঠন ধৰি উঠাত সহায় কৰে। দুৰ্ভাগ্যক্ৰমে আমাৰ আটাইবোৰ প্ৰচেষ্টাৰ সাফল্য প্ৰকৃতিৰ কৰুণাৰ ওপৰত নিৰ্ভৰশীল, আৰু প্ৰকৃতিয়ে কি আচৰণ কৰিব সেই লৈ মুঠেই ভৱিষ্যদ্বাণী কৰিব নোৱাৰি। ৰোদ মোৰে »

একত্ৰিত পেকেজ বীমা আঁচনি (UPIS)

একত্ৰিত পেকেজ বীমা আঁচনিৰ (UPIS) লক্ষ্য হ'ল কৃষি খণ্ডত জড়িত হৈ থকা লোকসকলক বিত্তীয় সুৰক্ষা প্ৰদান কৰা যাতে খাদ্য নিৰাপত্তা, শস্য বৈচিত্ৰ্যপূৰ্ণকৰণ, বিকাশ প্ৰক্ৰিয়াক বেগপ্ৰদান তথা কৃষি খণ্ডত প্ৰতিযোগিতাৰ ভাব সুনিশ্চিত কৰিব পৰা যায়, আৰু লগতে কৃষকসকলক সুৰক্ষা দিব পৰা যায় ৰোদ মোৰে »

জন সুৰক্ষা বীমা যোজনা আৰু মহিলা সুৰক্ষা বীমা যোজনা

আমাৰ দৈনন্দিন জীৱনত আমাৰ প্ৰতিজন লোকেই দুৰ্ঘটনাৰ বিপদাশংকাত উন্মুক্ত হ'বলগীয়া হয়, অৱশ্যে কিছুমান লোকৰ বাবে এই উন্মুক্তি আলবোৰ লোকতকৈ বেছি হয়। মানৱসৃষ্ট বিপদাশংকাসমূহৰ বাহিৰেও, বজ্ৰপাত, বানপানী, ভূঁইকপ আদিও দুৰ্ঘটনাৰ বাবে সমানেই জগৰীয়া। জন সুৰক্ষা বীমা পলিচী/ মহিলা সুৰক্ষা বীমা ৰোদ মোৰে »


Download Motor Policy

Feedback

Unable to open file!