Claims

PrintPrintEmail this PageEmail this Page

আপুনি স্বাস্থ্য বীমা ক্লেইমৰ বাবে দুই ধৰনে আবেদন কৰিব পাৰে। আপুনি নগদধনবিহীন ক্লেইম কৰিব পাৰে অথবা আপোনাৰ ক্লেইমৰ পৰিশোধ পাব পাৰে। অনুসৰণ কৰিবলগিয়া প্ৰণালীবোৰ তলত দিয়া আছে:

নগদধনবিহীন ক্লেইম সুবিধাতো একমাত্ৰ আমাৰ লগত সংযোযিত টিপিএৰ নেটৱৰ্ক চিকিৎসালয় সমুহত উপলব্ধ। আপুনি ভৰ্তি হোৱাৰ আগতে আমাৰ টিপিএৰ পৰা কোনো বিষেশ চিকিৎসালয়ৰ নেটৱৰ্কৰ বৰ্তমানৰ স্থিতিৰ বিশয়ে বুজ লবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে।

এই সুবিধাৰ অধীনত নেটৱৰ্ক চিকিৎসালয়ৰ নগদধনবিহীন অনুৰোধৰ লগত জড়িত আনুষ্ঠানিকতা সমূহ সম্পন্ন কৰাত সহায় কৰিব। আপোনাৰ স্বাস্থ্য কাৰ্ডত দিয়া সদস্যপদ নম্বৰতো উদ্ধৃত কৰি ,আপুনি তেওঁলোকৰ হেল্পলাইন নম্বৰৰ জৰিয়তে আমাৰ তৃতীয় পক্ষ প্ৰশাসকৰ লগত যোগাযোগো কৰিব পাৰিব।

নগদধনবিহীন ক্লেইম সমূহ দুই ধৰনৰ:

  • আপতকালীন নামভৰ্তিৰ বাবে নগদধনবিহীন ক্লেইমৰ কাৰ্য্যবিধি
  • পৰিকল্পিত নামভৰ্তিৰ বাবে নগদধনবিহীন ক্লেইমৰ কাৰ্য্যবিধি

আপতকালীন নামভৰ্তিৰ বাবে নগদধনবিহীন ক্লেইমৰ কাৰ্য্যবিধি:

  • পৰ্যায় ১: নেটৱৰ্ক চিকিৎসালয়ৰ ক্ষেত্ৰত, নামভৰ্তিৰ সময়ত, তৃতীয় পক্ষ প্ৰশাসকক (টিপিএ) তেওঁলোকৰ শুল্ক বিহীন নম্বৰৰ দ্বাৰা যোগাযোগ কৰক। অনুগ্ৰহ কৰি আপোনাৰ স্বাস্থ্য কাৰ্ড সদস্যপদ নম্বৰতো উদ্ধৃত কৰক।
  • পৰ্যায় ২: পৰ্যায় ২: নগদধনবিহীন অনুৰোধ প্ৰ-পত্ৰ খন পূৰ কৰক যিখন চিকিৎসালয়ৰ বীমা সহায়ক টেবুলত উপলব্ধ আৰু সেইখন আপোনাৰ চিকিৎসাৰ ডক্টৰৰ দ্বাৰা প্ৰমাণিত কৰক।
  • পৰ্যায় ৩: চিকিৎসা ৰেকৰ্ডৰ সমৰ্থনৰ লগতে নগদধনবিহীন অনুৰোধ প্ৰ-পত্ৰখন টিপিএলৈ ফেক্স কৰক।
  • পৰ্যায় ৪: যদি দৰকাৰ হয়, টিপিএয়ে নগদধনবিহীন অনুৰোধতো সন্মতি কৰিব পাৰে বা অতিৰিক্ত তথ্য-পাতিৰ বাবে মাতিব পাৰে।
  • পৰ্যায় ৫: টিপিএৰ দ্বাৰা নগদধনবিহীন ক্লেইমতো অনুমোদন হোৱা পিছত, চিকিৎসালয়ৰ বিল খন পোনপতিয়াকৈ নিস্পত্তি কৰা হ'ব (নীতি সীমাৰ অন্তৰ্গত)। গ্ৰাহ্য কৰিব নোৱাৰা পৰিমান যেনে দূৰভাষৰ মূল্য, খাদ্য, উপস্থিতিৰ মূল্য আদি আপুনি ঠিক কৰিব লাগিব।
  • পৰ্যায় ৬: যদি নগদধনবিহীন ক্লেইমতো টিপিএয়ে মঞ্জুৰ নকৰে, অনুগ্ৰহ কৰি বিলখন চিকিৎসালয়ৰ লগত ধাৰ্য কৰক আৰু পৰিশোধৰ বাবে আবেদন কৰক। নীতিৰ নিয়ম আৰু সৰ্ত অনুসৰি ক্লেইম সংসাধিত হ'ব।

আমাৰ টিপইএৰ দ্বাৰা নগদধনবিহীন সিদ্ধান্ততো অনুমোদন হবলৈ সময়সীমা হৈছে সকলো তথ্য-পাতি প্ৰাপ্তিৰ পিছৰ ২৪ ঘন্টা।

পৰিকল্পিত নামভৰ্তিৰ বাবে নগদধনবিহীন ক্লেইমৰ কাৰ্য্যবিধি

  • পৰ্যায় ১:  চিকিৎসাৰ বাবে আমাৰ নেটৱৰ্ক চিকিৎসালয়ৰ তালিকাৰ পৰা এখন চিকিৎসালয় বাছি লওঁক 
  • পৰ্যায় ২: আপোনাৰ স্বাস্থ্য কাৰ্ড সদস্যপদ নম্বৰতো উদ্ধৃত কৰি নামভৰ্তিৰ তিনিদিন আগত, তৃতীয় পক্ষ প্ৰশাসকক (টিপিএ) তেওঁলোকৰ হেল্পলাইন নম্বৰৰ দ্বাৰা যোগাযোগ কৰক।
  • পৰ্যায় ৩: নগদধনবিহীন অনুৰোধ প্ৰ-পত্ৰ খন পূৰ কৰক যিখন চিকিৎসালয়ৰ বীমা সহায়ক টেবুলত উপলব্ধ আৰু সেইখন আপোনাৰ চিকিৎসাৰ ডক্টৰৰ দ্বাৰা প্ৰমাণিত কৰক।
  • পৰ্যায় ৪: চিকিৎসা ৰেকৰ্ডৰ সমৰ্থনৰ লগতে নগদধনবিহীন অনুৰোধ প্ৰ-পত্ৰখন টিপিএলৈ ফেক্স কৰক।
  • পৰ্যায় ৫: টিপিএয়ে তথ্য-পাতিবোৰ অনুসন্ধান কৰিব আৰু সিদ্ধান্ততো চিকিৎসালয়ক ব্যক্ত কৰিব। যদি দৰকাৰ হয়, টিপিএয়ে নগদধনবিহীন অনুৰোধতো সন্মতি কৰিব পাৰে বা অতিৰিক্ত তথ্য-পাতিৰ বাবে মাতিব পাৰে।
  • পৰ্যায় ৬: টিপিএৰ দ্বাৰা নগদধনবিহীন ক্লেইমতো অনুমোদন হোৱা পিছত, চিকিৎসালয়ৰ বিল খন পোনপতিয়াকৈ নিস্পত্তি কৰা হ'ব (নীতি সীমাৰ অন্তৰ্গত)। গ্ৰাহ্য কৰিব নোৱাৰা পৰিমান যেনে দূৰভাষৰ মূল্য, খাদ্য, উপস্থিতিৰ মূল্য আদি আপুনি ঠিক কৰিব লাগিব।
  • পৰ্যায় ৭: যদি নগদধনবিহীন ক্লেইমতো টিপিএয়ে মঞ্জুৰ নকৰে, অনুগ্ৰহ কৰি বিলখন চিকিৎসালয়ৰ লগত ধাৰ্য কৰক আৰু পৰিশোধৰ বাবে আবেদন কৰক। নীতিৰ নিয়ম আৰু সৰ্ত অনুসৰি ক্লেইম সংসাধিত হ'ব।

আমাৰ টিপইএৰ দ্বাৰা নগদধনবিহীন সিদ্ধান্ততো অনুমোদন হবলৈ সময়সীমা হৈছে সকলো তথ্য-পাতি প্ৰাপ্তিৰ পিছৰ ২৪ ঘন্টা।

ক্লেইমৰ পৰিশোধৰ বাবে কাৰ্য্যবিধি

যদি আপুনি নেটৱৰ্ক চিকিৎসালয়ত নগদধনবিহীন সুবিধাৰ সহায় পোৱা নাই বা আপুনি তেনেকুৱা এখন চিকিৎসালয়ত চিকিৎসা গ্ৰহন কৰিছে যিখন নেটৱৰ্কৰ অংশ নহয় তেনেহলে পৰিশোধৰ বাবে আপুনি আপোনাৰ মৌলিক তথ্য-পাতিবোৰ জমা কৰিব পাৰে।

  • পৰ্যায় ১: ভৰ্তি হৈ অচিৰেই শুল্ক নম্বৰ -১৮০০১০৩৫৪৯৯ দ্বাৰা ইফকো-টকিয়ৰ লগত কথা পাতক, বাহিৰ হোৱাৰ ৭ দিন পিছত নহয়। ক্লেইম উত্থাপন কৰা সময়ত অনুগ্ৰহ কৰি আপোনাৰ নীতি প্ৰমাণপত্ৰ নম্বৰতো উদ্ধৃত কৰিব।
  • পৰ্যায় ২: চিকিৎসাৰ সুবিধা আৰু চিকিৎসালয়ৰ সৈতে সকলো বিল নিৰ্নয় কৰক আৰু তাৰ পিছত পৰিশোধৰ বাবে ক্লেইম নথীভুক্ত কৰক।
  • পৰ্যায় ৩: আমাৰ ৱেবছাইতৰ পৰা প্ৰাসংগিক ক্লেইমৰ প্ৰ-পত্ৰ খন ডাউনলোড কৰক বা আমাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ দ্বাৰা এখন অনুৰোধ কৰক।

ক্লেইমৰ নথি-পত্ৰ সমূহ স্থানীয় ইফকো-টকিয়ৰ কাৰ্য্যালয় ঠিকনাতো জমা কৰিব পাৰে যিতো আপুনি আমাৰ শুল্ক নম্বৰ ১৮০০ ৫৪৩ ৫৪৯৯ ত ক'ল কৰি সংগ্ৰহ কৰিব পাৰে।

যদি আপোনাক ক্লেইম পক্ৰিয়াৰ বাবে সহায়তা প্ৰয়োজন তেনেহললে আপুনি আমাৰ শুল্ক নম্বৰ ১৮০০ ৫৪৩ ৫৪৯৯ৰ যোগেদি যোগাযোগ কৰিব পাৰে।

তথ্য-পাতি নিৰীক্ষণ তালিকা

ক্লেইমৰ পৰিশোধৰ ক্ষেত্ৰত নথি-পত্ৰ সমূহ জমা কৰিব লাগিব- চিকিৎসকৰ প্ৰমানপত্ৰৰ লগত ক্লেইমৰ প্ৰ-পত্ৰখন সম্পুৰ্নকৈ পূৰাব লাগিব।

  • বাহিৰ হৈ অহাৰ সাৰাংশ
  • বিল বোৰ
  • নিৰ্দেশ পত্ৰ
  • আগতীয়া আৰু চুড়ান্ত ৰচিদ
  • ডায়েগ্নষ্টিক পৰিক্ষা প্ৰতিবেদন, এক্স-ৰে, স্কেন আৰু ইচিজি আৰু আন ফিল্মবোৰ

যদি দৰকাৰ হয়, ক্লেইম পক্ৰিয়াকৰণ দলে ওপৰৰ তালিকাত থকা উপৰিও আগলৈ আৰু অধিক তথ্য-পাতি বিছাৰিব পাৰে।

অনুগ্ৰহ কৰি টোকক:

  • সকলো প্ৰয়োজনীয় নথি-পত্ৰ আৰু অতিৰিক্ত নথি-পত্ৰ/ তথ্যৰ ৰচিদত ক্লেইমবোৰ প্ৰক্ৰিয়াকৰণ কৰা হ'ব, যদি কিবা প্ৰয়োজনীয় হয় ক্লেইমৰ অনুসন্ধানৰ পিছত আমণ্ত্ৰণ কৰা হ'ব।
  • ক্লেইম গ্ৰহণীয় হ'লে চেক্ খন আপোনালৈ প্ৰেৰণ কৰা হ'ব। যদি নহয়, এখন অস্বিকাৰ পত্ৰ আপোনালৈ প্ৰেৰণ কৰা হ'ব।
  • ক্লেইম পৰিশোধৰ সময়সীমা হৈছে সকলো নথি-পত্ৰ প্ৰাপ্তিৰ পৰা ২০ দিনলৈ।

ক্লেইমৰ টকা প্ৰদান

  • এই নীতিৰ অধিনৰ সকলো ক্লেইমৰ টকা প্ৰদান ভাৰতীয় মুদ্ৰাত কৰা হ'ব। এই বীমাৰ কাৰনে সকলো মেডিকেল চিকিৎসা ভাৰততেই ল'ব লাগিব।
  • পৰিশোধ কৰা ধনৰাশি বা আইআৰডিএৰ নিয়মৰ বাহিৰে আন নীতিৰ অধিনত পৰিশোধ কৰিবলগীয়া ধনৰাশিৰ কোনো ধৰনৰ সুত/জৰীমনা বাবে ইফকো-টকিয় দায়বদ্ধ নহয়।
  • ক্লেইমতো যদি গ্ৰহণীয় হয় তেনেহলে প্ৰস্তাৱকৰ আইনী উত্তৰাধিকাৰীক ধনৰাশী পৰিশোধ কৰা হ'ব যদি ক্লেইমৰ ধন পৰিশোধৰ সময়ত প্ৰস্তাৱকজন জীৱিত নাথাকে।

Download Motor Policy

Feedback