হয়।আপোনাক বীমা প্ৰয়োজন যদিও আপুনি ডেকা, স্বাস্থ্যৱান আৰু বছৰত এজনো ডক্টৰক চাব নালাগে, অপ্ৰত্যাশিত ঘটনা যেনে দূৰ্ঘটনা বা কিবা আপাতকালীনৰ বিপৰীতে আপোনাক বীমাকৃত ৰাশি এটাৰ প্ৰয়োজন। যদিও আপোনাৰ স্বাস্থ্য বীমা ৰাশি বহুত বেছি দামী বস্তু নোহোৱা যেনে নিয়মিত চিকিৎসকৰ ওচৰলৈ যোৱাৰ বাবে পৰিশোধ কৰিবও পাৰে বা নকৰিবও পাৰে (লৈ থোৱা নীতিৰ ওপৰত ভিত্তি কৰি), বীমাকৃত ৰাশি এটা থকাৰ মূখ্য কাৰণ হ'ল গুৰূতৰ বেমাৰ বা আঘাতৰ বাবে বহুত বেছি পৰিমাণৰ চিকিৎসা খৰছৰ পৰা ৰক্ষা পোৱা। কেতিয়া আপতকালীন চিকিৎসাই আহি খুন্দা মাৰে কোনেও ক'ব নোৱাৰে। যেতিয়া আপতকালীন চিকিৎসাই আহি খুন্দা মাৰে তেতিয়া ধন বছাবলৈ, স্বাস্থ্য বীমা কিনাতো উৎকৃষ্ট।

নহয় জীৱন বীমাই আপোনাৰ পৰিয়ালক (বা নিৰ্ভৰশীল) আৰ্থিক লোকচানৰ পৰা যিতো আপোনাৰ অকাল মৃত্যু বা আপোনাৰ কিবা হ'লে ৰক্ষা কৰে তাৰ পৰা বছাই ৰাখে। বীমাকৃত ব্যক্তিৰ মৃত্যুৰ পিছত বা নীতিৰ পৰিপক্কতাৰ পিছতহে নীতিৰ পৰিশোধ কৰা হয়। যদি কিবা কাৰনত আপুনি বেমাৰ বা আঘাতৰ দ্বাৰা আক্ৰান্ত হয় তেনেহলে স্বাস্থ্য বীমাই আপোনাক খৰছ বোৰ ব্যয় কৰি ( ডায়েগনষ্টিক/ চিকিৎসাৰ বাবে) বেমাৰি দেহা/বেমাৰবোৰৰ পৰা আপোনাক ৰক্ষা কৰে।পৰিপক্কতাৰ সময়ত পৰিশোধ কৰা নহয়। স্বাস্থ্য বীমাতো বছৰি নৱীকৰণ কৰি থাকিব লাগিব।

ধাৰাবাহিকতাৰ নিয়মৰ বাবে আপোনাৰ নিজৰ স্বাস্থ্য বীমা কৰোৱাটো দৃঢ়ভাৱে পৰামৰ্শ দিয়া হয়। প্ৰথমে, যদি আপুনি আপোনাৰ চাকৰি সলনি কৰে, আপুনি আপোনাৰ নতুন নিয়োগকৰ্তাৰ পৰা স্বাস্থ্য বীমা নাপাবও পাৰে। কোনো ক্ষেত্ৰতে আপুনি চাকৰিৰ পৰিৱৰ্তনৰ সময়ছোৱাত স্বাস্থ্যজনিত ব্যয়ৰ সন্মুখিন হ’ব পাৰে। দ্বিতীয়তে, আপুনি আগৰ নিয়োগকৰ্তাৰ স্বাস্থ্য বীমাৰ লগত যি ট্ৰেক ৰেকৰ্ড বনাইছিলে সেইয়া নতুন কোম্পানীৰ প’লিচিলৈ নাযায়। Cআগৰ পৰায়ে হৈ থকা ৰোগৰ কভাৰত অসুবিধা হ’ব পাৰে। বেছি সংখ্যক প’লিচিতে আগৰ পৰায়ে হৈ থকা ৰোগৰ কভাৰ ৫ম বছৰৰ পৰাহে হয়। সেইবাবে, উপৰোক্ত অসুবিধাটো এৰি চলিবলৈ কোম্পানিয়ে দিয়া গোটস্বাস্থ্য বীমা প’লিচিৰ লগতে আপুনি এটা ব্যক্তিগত প’লিচি লোৱাটো যুক্তিযুক্ত।

নহয় প্ৰসূতিজনিত/গৰ্ভধাৰণ সম্পৰ্কীয় ব্যয় স্বাস্থ্য বীমা পৰিকল্পনাত সুৰক্ষিত নহয়। যদিও, নিয়োগকৰ্তায়ে যোগান দিয়া গোট স্বাস্থ্য বীমা পৰিকল্পনাত সাধাৰনতে প্ৰসূতিজনিত ব্যয় সুৰক্ষিত হয়।

পাৰে, আ্য়কৰ আইন ১৯৬১ ৰ ধাৰা ৮০ডি ৰ অধিনত কৰ সুবিধা লভ্যৱান হয়। সকলো কৰ দিওতায়ে নিজৰ আৰু তেওঁৰ নিৰ্ভৰশীলৰ স্বাস্থ্য বীমাৰ বাবে দিয়া প্ৰিমিয়ামৰ বছৰি ১৫,০০০ টকালৈকে কৰ-যোগ্য আয়ৰ পৰা ৰেহাই পাব পাৰে। বয়োজ্যেষ্ঠসকলৰ বাবে এই ৰেহাই ২০,০০০ টকা। অনুগ্ৰহ কৰি মন কৰিব, আপুনি এই প্ৰিমিয়াম পৰিশোধ কৰাৰ প্ৰমাণ দেখুৱাব লাগিব। (ধাৰা ৮০ডিৰ সুবিধা, ধাৰা ৮০চিৰ অধিনৰ ১,০০,০০০ টকাৰ ৰেহাইবোৰতকৈ বেলেগ)

৪৫বছৰৰ ওপৰৰ গ্ৰাহকৰ বাবে নতুন স্বাস্থ্য বীমা প’লিচি কিনোতে স্বাস্থ্য পৰীক্ষা আৱশ্যকীয়। প’লিচি নৱীকৰণ বাবে স্বাস্থ্য পৰীক্ষাৰ সধাৰণতে প্ৰয়োজন নহয়।

স্বাস্থ্য বীমা প’লিচি এক সাধাৰণ বীমা প’লিচি সাধাৰণতে ১ বছৰ সময় কালৰ বাবে প্ৰকাশ কৰা হয়। যদিও, কিছুমান কোম্পানীয়ে ২ বছৰীয়া প’লিচিও প্ৰকাশ কৰে। বীমা কালৰ শেষত আপুনি আপোনাৰ প’লিচি নৱীকৰণ কৰিব লাগে।

সুৰক্ষিত পৰিমাণ হৈছে দাবী উথ্থাপন হোৱাত দিব লগীয়া সৰ্বাধিক পৰিমাণ।ইয়াক “চাম ইঞ্চিয়ৰ্ড” আৰু “চাম এশিয়ৰ্ড” বুলিও জনা যায়। প’লিচিৰ প্ৰিমিয়াম আপুনি পচন্দ কৰা সুৰক্ষিত পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে।

হয়, আপুনি গোটেই পৰিয়ালকে এটা প’লিচিৰ অধিনত সুৰক্ষিত কৰিব পাৰে। আপোনাৰ স্বাস্থ্য বীমা প’লিচি গোটেই ভাৰততে হ”ব। আপুনি নিশ্চিতভাৱে আপোনাৰ বা আপোনাৰ পৰিয়ালৰ বাসস্থানৰ আসেপাসে কোনো নেটৱৰ্ক চিকিৎসালয় আছে নেকি চাই ল’ব লাগে। আপুনি নিশ্চিতভাৱে আপোনাৰ বা আপোনাৰ বাকী পৰিয়াল বাস কৰাৰ ওচৰত বীমাদায়ীৰ নেটৱৰ্ক চিকিৎসালয় আছে নেকি চাই ল’ব লাগে। নেটৱৰ্ক চিকিৎসালয়বোৰ হৈছে যিবোৰ চিকিৎসালয়ে তাতে হোৱা ব্যয়ৰ বাবে নগদহীন নিষ্পত্তিৰ কাৰণে টিপিএ (তৃতীয় পক্ষ প্ৰশাসক)ৰ লগত জৰিত হয়।

যদি আপোনাৰ বাসস্থানৰ ওচৰত কোনো নেটৱৰ্ক চিকিৎসালয় নাথাকে, তেতিয়া আপুনি নিষ্পত্তিৰ বাবে ব্যয়পূৰণ ৰীতি পছন্দ কৰিব পাৰে।

সাধাৰণ স্বাস্থ্য প’লিচিৰ অধিনত নেচাৰ’পাথি আৰু হ’মিওপেথি চিকিৎসা সুৰক্ষিত নহয়। স্বীকৃতি প্ৰাপ্ত চিকিৎসালয় আৰু নাৰ্চি হোমত কৰা এলোপেথিক চিকিৎসাৰ বাবেহে এই সুৰক্ষতা লভ্যৱান হয়।

কোনো ডায়গনেস্টিক পৰীক্ষাযি অপিডিত পৰামৰ্শ দিয়া হয় সেইবোৰ সাধাৰণতে সুৰক্ষিত নহয়।Any diagnostic tests which have been prescribed in the OPD are generally not covered.

তৃতীয় পক্ষ প্ৰশাসক হৈছে আইআৰডিএ(ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথৰিটি)ৰ দ্বাৰা অনুমোদিত বিশেষজ্ঞ স্বাস্থ্য যতন সেৱা দিওতা। টিপিএয়ে বীমা কোম্পানীক বিভিন্ন ধৰণৰ সেৱা প্ৰদান কৰে, যেনে, চিকিৎসালয়ৰ লগত নেটৱৰ্ক হোৱা, নগদহীন চিকিৎসালয়ধিনৰ ব্যৱস্থা লগতে দাবী প্ৰক্ৰিয়াকৰণ আৰু সময়মতে নিষ্পত্তিকৰণ।

চিকিৎসালয়ধিনৰ ঘটনাত, ৰোগী বা তেওঁৰ পৰিয়ালে চিকিৎসালয়ত বিল পৰিশোধ কৰিব লাগে। নগদহীন চিকিৎসালয়ধিনৰ অধিনত ৰোগী চিকিৎসালয়ৰ পৰা ওলাই যোৱাৰ সময়ত চিকিৎসালয়ধিনৰ ব্যয় নিষ্পত্তি নকৰিলেও হয়। স্বাস্থ্য বীমাদায়ীৰ তৰফৰ পৰা তৃতীয় পক্ষ প্ৰশাসকে (টিপিএ)প্ৰতক্ষ্যভাৱে এই নিষ্পত্তি কৰে। এইটো আপোনাৰ সুবিধাৰ কাৰণে।

এইটো আপোনাৰ সুবিধা। তথাপিতো, ৰোগীক চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ আগতে টিপিএৰ পূৰ্ব অনুমোদন প্ৰয়োজন হয়।জৰুৰী চিকিৎসালয়ধিনৰ ক্ষেত্ৰত, অনুমোদন ভৰ্ত্তি হোৱাৰ পাছতো ল’ব পাৰি।অনুগ্ৰহ কৰি মন কৰিব যে এই সুবিধাটো অকল নেটৱৰ্ক চিকিৎসালয়তহে লভ্যবান।

হয়, আপোনাৰ এটাতকৈ বেছি স্বাস্থ্য বীমা প’লিচি হ’ব পাৰে। দাবীৰ ক্ষেত্ৰত, প্ৰতিটো কোম্পানীয়ে লোকচানৰ হাৰযোগ্য অংশ পৰিশোধ কৰিব। উদাহৰণ স্বৰূপে, এজন গ্ৰাহকৰ বীমাদায়ী-এ ৰ পৰা ১লাখ টকাৰ আৰু বীমাদায়ী-বি ৰ পৰা ১লাখ টকাৰ স্বাস্থ্য বীমা আছে। ১.৫লাখ টকাৰ দাবীৰ ক্ষেত্ৰত প্ৰতিটো প’লিচিয়ে ৫০:৫০ অনুপাতত বীমাকৃত পৰ্য্যন্ত ধন পৰিশোধ কৰে।

যেতিয়া আপুনি এটা নতুন স্বাস্থ্য বীমা কৰিব, প’লিচি আৰম্ভ হোৱাৰ দিনাৰ পৰা ৩০দিন অপেক্ষা সময় থাকিব য’ত কোনো ধৰণৰ চিকিৎসালয়ৰ ব্যয় পৰিশোধ কৰা নহ’ব। তথাপি, এইটো দুৰ্ঘটনাৰ বাবে হোৱা কোনো অকষ্মিক চিকিৎসালয়ধিনৰ বাবে প্ৰযোজ্য নহয়। এই ৩০দিনৰ অপেক্ষা সময় প’লিচিৰ নবীকৰণৰ ক্ষেত্ৰৰ প্ৰযোজ্য নহয়।

দাবী ৰুজু আৰু নিষ্পত্তি কৰাৰ পাছত নিষ্পত্তিকৰণত দিয়া পৰিমাণ প’লিচি সুৰক্ষতাৰ পৰা কমি যাব। উদাহৰণ স্বৰূপে: জানুৱাৰীত আপুনি ৫লাখ টকা সুৰক্ষতাৰ এটা প’লিচি বছৰটোৰ বাবে আৰম্ভ কৰিছে। এপ্ৰিলত আপুনি ২লাখ টকাৰ দাবী কৰিলে। মে’ৰ পৰা ডিচেম্বৰলৈ সুৰক্ষতা বাকী ৩লাখ টকাহে আপোনাৰ বাবে লভ্য হ’ব।

প’লিচি কালত যিকোনো নম্বৰলৈ দাবীৰ অনুমতি আছে। তথাপিতো বীমাৰ পৰিমাণ এই প’লিচিৰ অধিনত সৰ্বাধিক সীমা।

বৰ্তমানলৈ আপোনাক কোনো পান কাৰ্ড বা পৰিচয় পত্ৰৰো প্ৰয়োজন নহয়।বীমাদায়ী আৰু টিপিএৰ নীতিৰ ওপৰত ভিত্তি কৰি দাবী জমা কৰাৰ সময়ত আপুনি হয়তো নথিপত্ৰ যেনে পৰিচয় পত্ৰ দেখুৱাব লগা হ’ব পাৰে। য়ৌ মিঘত নীদ তো ফুৰ্নিশ দোচুমেনtস লিkে ইদ প্ৰূফ অত থে তিমe ওফ সুবমিততিং অ চলইম।

 

হয়, যদি আপুনি ভাৰতত পঢ়ি থকা ছাত্ৰ বা বৈধ ৱৰ্কিং ভিছাৰে কাম কৰি আছে।

কিন্তু, যদি আপুনি তিনি সপ্তাহৰ বাবে ভাৰতলৈ অহা পৰ্যটক, এইটো কিনা লাভদায়ক নহ’ব যিহেতু ইয়াত থকা ত্ৰিশ দিনৰ শীতল কালে আপুনি বিচৰা সুবিধাবোৰ নাইকিয়া কৰে।

মেডিকেল পৰ্যটনৰ ঘটনাবোৰ, ভাৰতত প্ৰকাশ হোৱা প’লিচিৰ অধিনত নিশ্চিতভাৱে সুৰক্ষিত নহয়।

 

স্বাস্থ্য বীমাৰ অধিনত বয়স আৰু সুৰক্ষতাৰ পৰিমাণ হৈছে প্ৰিমিয়ামৰ সিদ্ধান্ত লোৱা গুণ।সাধাৰণতে, কম বয়স্ক লোকসকলক স্বাস্থ্যবান বুলি ধৰা হয় আৰু সেইবাবে নিম্ন বাৰ্ষিক প্ৰিমিয়াম দিয়ে। বয়োজেষ্ঠ লোকে উচ্চতৰ স্বাস্থ্য বীমা প্ৰিমিয়াম দিয়ে যিহেতু তেওঁলোকৰ স্বাস্থ্যৰ অসুবিধা আৰু দুৰ্বলতাৰ সম্ভাৱনা উচ্চতৰ হয়।

নগদহীন মেডিক্লেইম নিষ্পত্তিকৰণত, এইটো নেটৱৰ্ক চিকিৎসালয়ৰ লগত প্ৰতক্ষ্যভাৱে নিষ্পত্তি কৰা হয়। নগদহীন নিষ্পত্তি নথকাৰ ক্ষেত্ৰত, দাবীৰ পৰিমাণ প’লিচিধাৰীৰ মনোনীত ব্যক্তিক দিয়া হয়

যদি কোনো ক্ষেত্ৰত মনোনীত ব্যক্তি নাথাকে, তেতিয়া বীমা কোম্পানীয়ে আইনৰ ক’ৰ্টৰ পৰা উত্তৰাধিকাৰ প্ৰমাণপত্ৰ দিবলৈ অনুৰোধ কৰে। অন্যথা, ক’ৰ্টত মৃতব্যক্তিৰ আইনি পৰৱৰ্তী উত্তৰাধিকাৰীজনক বীমাকাৰীয়ে দাবীৰ পৰিমাণ জমা দিব পাৰে।

হয়, একেই।

স্বাস্থ্য বীমা প’লিচি হৈছে মেডিকেল ব্যয়ৰ পৰিশোধ।

সংকটপূৰ্ণ অসুস্থতা প’লিচি হৈছে এক সুবিধা প’লিচি। এক সুবিধা প’লিচিৰ অধিনত কোনো ঘটনা ঘটিলে বীমা কোম্পানীয়ে প’লিচিধাৰীক একক পৰিমাণৰ টকা দিয়ে। সংকটজনক অসুস্থতা প’লিচিত, যদি বীমাধাৰীজনৰ প’লিচিত নিৰ্দিষ্টকে দিয়া মতে কোনো সংকটজনক অসুস্থতা ধৰা পৰে।

বীমা কোম্পানীয়ে প’লিচিধাৰীক একক পৰিমাণৰ টকা দিব। ক্লায়েন্টে নিজস্ব বিবেচনা মতে পোৱা পৰিমাণখিনি মেডিকেল চিকিৎসাত খৰচ কৰিবও পাৰে বা নকৰিবও পাৰে।

বীমাৰ কাৰণে প্ৰ'প'জেল ফৰ্ম পূৰাওঁতে আপুনি আপোনাৰ জীৱনত ভোগ কৰা বেমাৰৰ সৱিশেষ জনাব লাগিব। বীমাৰ সময়ত, আপুনি সচেতন থাকিব লাগিব যে আপুনি কোনো অসুখত ভূগি আছে নেকী অথবা কোনো বেমাৰৰ চিকিৎসা চলি আছে নেকী। এনে বিষয়বোৰ বীমাকৰ্তাই আগৰে পৰা থকা আৰু নতুনকৈ দেখা দিয়া বেমাৰৰ মাজত পাৰ্থক্য ণিৰ্ণয় কৰিবলৈ তেওঁলোকৰ মেডিকেল পেনেললৈ পৰামৰ্শৰ বাবে প্ৰেৰণ কৰে।

টোকা::স্বাস্থ্য বীমা প'লিচি ক্ৰয় কৰাৰ আগতে আপুনি কোনো বেমাৰত ভূগিছিল নে জনোৱাটো জৰুৰী। বীমা হৈছে বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা চুক্তি আৰু জানিশুনি কোৱা মিছা কথাই ভৱিষ্যতে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

যদি আপুনি প'লিচিখন নাকচ কৰে, নাকচ কৰা তাৰিখৰ পৰাই আপোনাৰ ক'ভাৰ বন্ধ হ'ব।লগতে, কম সময়ৰ নাকচ হাৰত আপোনাৰ প্ৰিমিয়াম আপোনাক ঘূৰাই দিয়া হ'ব , আপোনাৰ প'লিচি নথিখনত আপুনি এই প'লিচি চৰ্তাৱলী বোৰ পাব।

ভাৰতত ভ্ৰমণ বীমাই বিদেশৰ স্বাস্থ্য ব্যয় ৰ লগতে যাত্ৰা সম্পৰ্কীয় বীমা ক'ভাৰেজ প্ৰদান কৰে লগতে, যাত্ৰা বিলম্ব হোৱাৰ বাবে, যাত্ৰা বাধাগ্ৰস্থ হোৱাৰ বাবে, যাত্ৰা নাকচ হোৱাৰ বাবে আৰু অন্য তেনে সমস্যাৰ বাবে যাত্ৰা বীমা প্ৰদান কৰাৰ উপৰিও ই আপোনাৰ ভ্ৰমণৰ সময়ত অতিৰিক্ত ভ্ৰমণ-সম্পৰ্কীয় ব্যয় যেনে মেডিকেল আৰু স্বাস্থ্য সম্পৰ্কীয় জৰুৰী অৱস্থাত হোৱা খৰছো ক'ভাৰ কৰে। কিছুমান প্লেন এ লগতে ভ্ৰমণ সম্পৰ্কীয় উপদেশ, স্বাস্থ্য সম্পৰ্কীয় জৰুৰী অৱস্থাত ঘৰ অথবা চিকিৎসালয়ৰ পৰা উলিয়াই নিয়া, আপোনাৰ টকা-পইছা, মূল্যৱান সম্পদ অথবা ভ্ৰমণ নথি আদি হেৰালে অথবা চুৰি হ'লে জৰুৰী অৱস্থাৰ টকা-পইছা অথবা সহায় যোগান ধৰা আদি সুবিধা প্ৰদান কৰে।

আপুনি অন লাইনত অথবা আমাৰ যিকোনো শাখাত গৈ প'লিচি কিনিব পাৰে।

অনলাইনত ভ্ৰমণ বীমা কিনাটো সহজ। আপুনি কৰিবলগীয়া খিনি হ'ল, আমাৰ ৱেবচাইটত থকা নিৰ্দেশনাবোৰ পালন কৰক, আপোনাৰ ব্যক্তিগত সৱিশেষখিনি ভৰাওক আৰু ক্ৰেডিট/ডেবিট কাৰ্ড ব্যৱহাৰ কৰি কিনক। সেই ক্ৰয় প্ৰক্ৰিয়া সম্পাদন কৰা হয় একোটা নিৰাপদ পৃষ্ঠাত, আৰু আপোনাৰ ক্ৰেডিট কাৰ্ড সৱিশেষ তথ্যপাতি নিৰাপদে থাকে।

ভ্ৰমণকাৰী জন ভাৰতত থকা দিনলৈ এই বীমা বিশ্বৰ যিকোনো ঠাইৰ পৰা কিনিব পাৰে। ভাৰতৰ পৰা ভ্ৰমণ কৰা পিতৃ-মাতৃৰ কাৰণে তেওঁলোকৰ পুত্ৰ অথবা কণ্যাই আমেৰিকাত অথবা ইংলেণ্ডত বহি তেওঁলোকৰ কাৰণে এই প'লিচি কিনিব পাৰে।

এই প'লিচিৰ আনুষংগিক অন্য সৱিশেষ তথ্য অনলাইনত উপলব্ধ, গতিকে এই প্লেন কিনোতে আপুনি তথ্য-সমৃদ্ধ হৈ সিদ্ধান্ত ল'ব পাৰে, আৰু তাৰ বাবে আপুনি আপোনাৰ ট্ৰেভেল এজেন্ট অথবা বীমা এজেন্টৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।

ব্যৱসায়িক বীমা অনলাইনত কিনোতে সময় ৰাহি হয় যিহেতু ই সুবিধাজনক আৰু কোনো কাগজ-পত্ৰৰ ব্যৱহাৰ নকৰাকৈ কেইমিনিটমানৰ ভিতৰতে প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবও পাৰি। অনলাইনত কিনাটো পৰিৱেশৰ বাবেও অনুকুল যিহেতু ইয়াত কোনো কাগজ-পত্ৰৰ ব্যৱহাৰ জড়িত নাথাকে।

নালাগে, আপুনি কোনো অতিৰিক্ত টকা ভৰিব নালাগে।আপুনি কেৱল বীমা প'লিচিৰ মূল্য পৰিশোধ কৰক। আমাৰ অনলাইন সুবিধাই আপোনাক দিয়ে উত্তম মূল্য, আপুনি সিমান কম দামত আৰু ক'তো সেই একে প্ৰডাক্ট বিচাৰি নাপায়।

আমাৰ ৫ টা ভিন ভিন ক'ভাৰেজৰ পৰা ১ টা বাচি ল'লে সদায় টকা বচাব পাৰে। আপোনাৰ বাজেট আৰু প্ৰয়োজন মিলাই উপযুক্ত প'লিচিটো বাচনি কৰক। যদি আপুনি নিয়মিতভাৱে বিদেশ ভ্ৰমন কৰে তেন্তে আপোনাৰ বাবে এনুৱেল মাল্টি ট্ৰিপ প'লিচি উত্তম হ'ব।

নালাগে, ভ্ৰমন বীমাৰ বাবে কোনো স্বাস্থ্য পৰীক্ষা কৰাব নালাগে। অৱশ্যে, প্ৰ'প'জাৰ জনে যদি ৭০ বছৰ সম্পূৰ্ণ কৰিছে তেতিয়া কিন্তু স্বাস্থ্য প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হ'ব। এইহেতুকে, ৬০ৰ পৰা ৬৯ বছৰ বয়সৰ প্ৰপ'জাৰৰ বাবে ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপ নিশ্চিত কৰাৰ বাবে বিচৰা স্বাস্থ্য প্ৰতিবেদন বাধ্যতামূলক নহয়।

আপুনি প'লিচি নথিখন ই-মেইলত লাভ কৰিব আৰু তাৰে হাৰ্ড কপি এটা আপোনাৰ ভাৰতীয় ঠিকনালৈ কুৰিয়াৰযোগে প্ৰেৰণ কৰা হ'ব। অনলাইন প'লিচিৰ ক্ষেত্ৰত চফ্ট কপি বীমাকৃতজনৰ পঞ্জীকৃত মেইল আই ডি লৈ পঠোৱা হ'ব ।

হয়, অধিকতম $ 250.00 লৈ

কোম্পানীয়ে শোকসন্তপ্ত পৰিয়ালক $ 7000.00 প্ৰদান কৰিব মৃতদেহ কঢ়িয়াবৰ কাৰণে অথবা স্থানীয় ঠাইত সমাধিস্থ কৰাৰ বাবে।

কোম্পানীয়ে অধিকতম $ 1000.00 প্ৰদান কৰে জৰুৰী প্ৰয়োজনবোৰ যেনে কাপোৰ-কানি কিনা আৰু গন্তৱ্যস্থল গৈ পোৱাৰ পিছত প্ৰয়োজন হোৱা অত্যাৱশ্যকীয় সামগ্ৰী কিনাৰ বাবে।

ব্যক্তিগত কাৰখন সামাজিক আৰু ঘৰুৱাভাৱে আৰু আনন্দৰ উদ্দেশ্যত আৰু লগতে ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰি, কেৱল বীমাকৃত জনৰ আৰু তেওঁৰ কৰ্মচাৰীৰ সামগ্ৰীৰ বাহিৰে বেলেগ বস্তু-বাহানি কঢ়িওৱা বাদ দি ।

বীমাকৰ্তাই ব্যক্তিগত কাৰখন হেৰালে অথবা কাৰখনৰ আৰু তাৰ উপাংশবোৰৰ কোনো ক্ষতি হ'লে তলত দিয়া ঘটনাৰ ক্ষেত্ৰত সেইবোৰৰ বিপৰীতে গ্ৰাহকক সুৰক্ষা প্ৰদান কৰে:

  • জুই, বিষ্ফোৰণ, নিজে জ্বলি উঠা অথবা বিজুলী ঢেৰেকনি পৰা
  • লুণ্ঠন, তলাভাঙি নিয়া অথবা চুৰি কৰা
  • বিদ্ৰোহ অথবা ধৰ্মঘট
  • ভূমিকম্প (অগ্নি আৰু কম্পনৰ ক্ষতি)
  • বানপানী, টাইফুন, হাৰিকেন, ধুমুহা, বা-মাৰলি, প্লাৱন, ঘূৰ্ণীবতাহ, শিলাবৃষ্টি, কুৱঁলি
  • দুৰ্ঘটনামূলক বাহ্যিক কাৰক
  • দুৰ্ভাৱনামূলক কাৰ্য্যকলাপ
  • সন্ত্ৰাসবাদী কাৰ্য্যকলাপ
  • পথ, ৰেল, আভ্যন্তৰীন জলপথ, লিফ্ট, এলিভেটৰ অথবা বায়ুযানৰ যোগেদি অনানিয়া হৈ থাকোতে
  • ভূমিষ্খলন অথবা শিল বাগৰা

সকলো যান-বাহন প'লিচিবোৰ বছৰেকীয়া হয় আৰু ১২ মাহৰ কাৰণে দিয়া হয়। উমৈহতীয়া তাৰিখ এটাত নৱীকৰন প্ৰিমিয়াম আহি পোৱাৰ বাবে অথবা গ্ৰাহকৰ অন্য উপযুক্ত কাৰণৰ বাবে অৱশ্যে উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে অতিৰিক্ত ১২ মাহতকৈ কম বৰ্ধিত প্ৰসাৰিত সময়ৰ সুবিধা দিয়া হয় এনে ধৰণৰ প্ৰাসাৰনৰ বাবে অতিৰিক্ত প্ৰিমিয়াম ল'ব লাগে। উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে কম সময়ৰ ভিত্তিত ১২ মাহতকৈ কম অৱধি দিয়া হয় ।

তলৰ সকলো পৰিস্থিতিত আমি প্ৰ'প'জেল ফৰ্ম বিচাৰো

  • নতুন ব্যৱসায়
  • অন্য কোম্পানীৰ নবীকৰন
  • সূতৰ স্থানান্তৰন
  • কেৱল পেকেজ প'লিচি ক'ভাৰ কৰিবলৈ দায়বদ্ধতা ৰূপান্তৰন
  • বাহনৰ পৰিবৰ্তন/ প্ৰতিষ্ঠাপন
  • প'লিচি চলি থকা সময়ত অথবা নৱীকৰনৰ সময়ত বাহনৰ পৰিবৰ্তনত/উন্নয়নত

তলত দিয়া পৰিস্থিতিত গ্ৰাহকে বাহন খন পৰীক্ষণৰ বাবে জমা কৰাব লাগে:

  • বীমা ভংগ কৰিলে
  • টিপি ক'ভাৰ অ'ডি ক'ভাৰলৈ পৰিবৰ্তন কৰালে
  • আমদানিকৃত বাহনত ক'ভাৰ দিয়ালে
  • চেক ঘূৰি অহাৰ পিছত নতুনকৈ নগদ টকা পোৱাৰ পিছত
  • আণ্ডাৰৰাইটিং বিভাগৰ কৰ্তৃত্বশীল ব্যক্তিয়ে বাহন খন পৰীক্ষা কৰিব।

ব্যক্তিগত কাৰৰ বাবে প্ৰিমিয়ামৰ হাৰ ণিৰ্ণয় তলৰ কথা কেইটাৰ ওপৰত ভিত্তি কৰি কৰা হয়:

  • বীমাকৃতৰ দ্বাৰা ঘোষিত মূল্য( আইডিভি)
  • বাহন খনৰ কিউবিক ক্ষমতা
  • ভৌগোলিক ক্ষেত্ৰ
  • বাহন খনৰ বয়স

ব্যতিক্ৰমবোৰ হ'ল:

  • পৰবৰ্তী সম্ভাব্য ক্ষতি, মূল্যহ্ৰাস, উৱলি যোৱা ফাটিছিটি নষ্ট হোৱা, যান্ত্ৰিক অথবা বৈদ্যুতিক বিকলৱস্থা, বিফল হোৱা অথবা বন্ধ হোৱা
  • টায়াৰ আৰু টিউবৰ কোনো অংশৰ সমানে গাড়ীৰ ইমান ক্ষতি আৰু বিনষ্ট য'ত বীমাকৰ্তাৰ পৰিবৰ্তন ব্যয় দায়বদ্ধতা ৫০%লৈ সীমিত থাকিব, আৰু
  • যদিহে ব্যক্তিগত গাড়ীখন কোনো এনে ব্যক্তিৰ দ্বাৰা চলোৱা হৈছে যি ক্ষতিৰ সময়ত সুৰাসক্ত অথবা ড্ৰাগচ্ৰ নিচাগ্ৰস্থ হৈ আছিল
  • গাড়ী চালনাৰ বৈধ অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলোৱা
  • ভাড়াৰ কাৰণে অথবা পুৰস্কাৰৰ কাৰণে গাড়ী ব্যৱহাৰ, নমুনাৰ বাহিৰেও বয়-বস্তু কঢ়িওৱা, ৰেচিং আৰু ৰেচিং সম্পৰ্কীয় অন্য উদ্দেশ্যত প্ৰয়োগ আৰু গাড়ী ব্যৱসায়ৰ উদ্দেশ্যত

গাড়ীত নিজে হোৱা ক্ষতি- এই প'লিচিয়ে ক'ভাৰেজৰ সুবিধাসমূহত বৰ্ণীত থকা মতে প্ৰাকৃতিকভাৱে অথবা মানুহৰ দ্বাৰা সৃষ্ট যিকোনো দুৰ্যোগৰ বাবে নিজে নিজে গাড়ীত অথবা তাৰ আৱশ্যকীয় উপাদানবিলাকত হোৱা ক্ষতিৰ ক'ভাৰ আপোনাক দিয়ে ।

(i) ১) ব্যক্তিগত দুৰ্ঘটনা সুৰক্ষা- আপোনাৰ যান-বাহন বীমাই ব্যক্তিগত গৰাকীজনক বাধ্যতামূলক ব্যক্তিগত দুৰ্ঘটনা সুৰক্ষা প্ৰদান কৰে, য'ত ব্যক্তিগত দুৰ্ঘটনা ক'ভাৰ ২ লাখ টকালৈ প্ৰাপ্ত হয়।

আপুনি লগতে যাত্ৰীৰ বাবেও একোটা ব্যক্তিগত দুৰ্ঘটনা ক'ভাৰ ল'ব পাৰে। আপোনাক দিব পৰা অধিকতম ক'ভাৰেজ হৈছে ২ লাখ টকা

তৃতীয় পক্ষৰ আইনী দায়বদ্ধতা- এই প'লিচিটোৱে ভুক্তভোগীক ক্ষতিপূৰন দিয়াৰ বাবে বাহনখনৰ গৰাকীৰ আইনী দায়বদ্ধতা ক'ভাৰ কৰে এইবোৰ ক্ষেত্ৰত:

  • তৃতীয় পক্ষৰ কোনো ব্যক্তিৰ মৃত্যু অথবা শাৰিৰীক আঘাত হ'লে
  • তৃতীয় পক্ষৰ সম্পত্তিৰ ক্ষতি হ'লে

তৃতীয় পক্ষৰ কোনো ব্যক্তিৰ মৃত্যু অথবা শাৰিৰীক আঘাত হ'লে আৰু তৃতীয় পক্ষৰ সম্পত্তিৰ ক্ষতি হ'লে অসীমিত পৰিমাণৰ দায়বদ্ধতা ক'ভাৰ অনুসৰি ব্যৱসায়িক আৰু ব্যক্তিগত বাহনৰ অধীনত ৭ লাখ ৫০ হাজাৰ টকা আৰু স্কুটাৰ/মটৰ চাইকেলৰ বাবে ১ লাখ টকা।

ক'ভাৰ নোট মানে হৈছে বীমাকৃতজনে নিয়াৰিকৈ পূৰণ কৰা প্ৰপ'জেল ফৰ্ম আৰু সম্পূৰ্ণ প্ৰিমিয়াম জমা দিয়াৰ পিছত প'লিচি প্ৰস্তুত কৰি মোকলাই দিয়াৰ আগত বীমা কোম্পানীয়ে যোগান ধৰা বীমাৰ অস্থায়ী প্ৰমাণ পত্ৰ।

ক'ভাৰ নোট এখন যোগান ধৰা তাৰিখৰ পৰা ৬০ দিনলৈ বৈধ থাকে আৰ সেই ক'ভাৰ নোটৰ ম্যাদ ওকলি যোৱাৰ আগতে বীমা কোম্পানীয়ে প'লিচি প্ৰমাণ-পত্ৰ যোগান ধৰিব লাগে।

IDV মানে হৈছে বীমাকৃতৰ ঘোষিত মূল্য ই হৈছে বাহন খনৰ মূল্য, যিটো পোৱা গৈছে বাহন খনৰ নিৰ্মাতাৰ বৰ্তমানৰ তালিকাভুক্ত বিক্ৰীমূল্যৰ সৈতে টেৰিফত পৰামৰ্শিত মুদ্ৰাষ্ফীতিৰ শতকৰা হাৰ তুলনা কৰি। অব্যৱহৃত গাড়ী আৰু ৫ বছৰৰ অধিক আয়ুসৰ গাড়ীৰ বাবে সেই IDV হ'ব বীমা কোম্পানী আৰু বীমাকৃত- এই দুয়োপক্ষই সন্মত হোৱা মূল্য।

গাড়ী নিৰ্মাতাৰ তালিকাভুক্ত বিক্ৰী মূল্য= ব্যয় মূল্য+ স্থানীয় কৰ/সেৱা, পঞ্জীকৰন আৰু বীমা বাদ দি।

অব্যৱহৃত গাড়ীৰ মূল্য আৰু ৫ বছৰৰ অধিক আয়ুসৰ গাড়ীৰ মূল্য আমাৰ মূল্যাংকন কৰা দলে আইএমএএচ, পৰ্য্যৱেক্ষনকাৰীৰ পেনেল, কাৰ ডীলাৰ, পুৰণি গাড়ীৰ ডীলাৰ আদি বিভিন্ন উৎসৰ সহায়ত কৰা মূল্যায়নত ওলাই পৰিছে।

যিবোৰ উপকৰন গাড়ী নিৰ্মাতাই গাড়ীৰ সৈতে দি নপঠায় সেইবোৰকে বৈদ্যুতিক/বৈদ্যুতিন উপকৰন বোলা হয়।

উদাহৰণস্বৰূপে- মিউজিক চিষ্টেম টো এলচিডি অথবা স্পীকাৰৰ সৈতে গাড়ীত নাহে।

ব্যক্তিগত কাৰ প'লিচিৰ অধীনত দিব পৰা ৰেহাইবিলাক হৈছে:

  • স্বেচ্ছাই হ্ৰাস কৰিব পৰা ৰেহাই
  • ন' ক্লেইম বোনাচ
  • অটোমোবাইল এচ'চিয়েছন ৰেহাই
  • অটোমোবাইল এচ'চিয়েছন ৰেহাই
  • অন্য কোনো ৰেহাইৰ অনুমতি নাই
  • পাৰ হৈ যোৱা বছৰটোত কোনো ক্লেইম নোহোৱাৰ বাবে এইটো এটা পুৰস্কাৰ। নিৰ্দিষ্ট সময়ৰ পিছত ইয়াক জমা কৰিব পা
  • ২০% ৰে আৰম্ভ হৈ ৫০%ৰ ওপৰলৈ যায়
  • ক্লেইম কৰিলে NCB শূন্য হৈ যায়।
  • NCB য়ে গ্ৰাহকজনৰ সৌভাগ্য অনুসৰন কৰে, বাহনখনৰ নহয়।
  • বৈধতা- প'লিচি বন্ধ হোৱাৰ তাৰিখৰ পৰা ৯০ দিন
  • NCB -৩ বছৰৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰি (য'ত ইতিমধ্যে থকা গাড়ীখন বিক্ৰী কৰি কৰা হ'ল আৰু নতুন গাড়ী ক্ৰয় কৰা হ'ল)
  • নাম বদলিকৰন কৰিলে NCB পুনৰোদ্ধাৰ কৰিব পাৰি
  • গ্ৰাহকজনৰ মৃত্যু হ'লে NCB বৈধ উত্তৰাধিকাৰীৰ নামলৈ বদলি হয়
  • সেই একে শ্ৰেণীৰ বাহনৰ ঠাইত নতুন বাহন ল'লে NCB নতুন বাহনলৈ বদলি কৰিব পাৰি।
  • বিদেশত অৰ্জন কৰা NCB ভাৰতত দিব পাৰি।

ব্যক্তিগত কাৰ প'লিচিৰ অধীনত থকা অন্য অতিৰিক্ত PA ক'ভাৰবিলাক হ'ল:

  • গৰাকী চালকলৈ PA
  • পইচা দিয়া চালকলৈ PA
  • নামবিহীন আসনধাৰীলৈ PA
  • নাম থকা আসনধাৰীলৈ PA

যদি গ্ৰাহকজনে গাড়ীখন অন্য ব্যক্তিলৈ বিক্ৰী কৰে, সেই গাড়ী কিনোতা মানুহজনৰ নামলৈ বীমা স্থানান্তৰ কৰিব পাৰি গাড়ী খন তেওঁৰ নামত স্থানান্তৰ হোৱাৰ ১৪ দিনৰ ভিতৰত কিনোতা (যাৰ নামত স্থানান্তৰ হ'ব) ই বীমা স্থানান্তৰৰ বাবে আমালৈ আবেদন জনাব লাগিব। যদি গ্ৰাহকজনে তেওঁৰ প'লিচিৰ গাড়ীখন অন্য এখন একে শ্ৰেণীৰ ব্যক্তিগত গাড়ীৰে সলাই ল'ব খোজে, সেই প'লিচিখন কিনোতাৰ নামলৈ স্থানান্তৰ নহয়। কিনোতাজনে (যাৰ নামত স্থানান্তৰ হ'ব) নতুন বীমা কিনিব লাগিব।

সমৰ্থন পত্ৰ হ'ল প'লিচি সলোৱাৰ বাবে লোৱা এখন লিখিত চুক্তি এইখন এখন প্ৰমাণ-পত্ৰ যিয়ে প'লিচিৰ চৰ্তাৱলীৰ পৰিবৰ্তন মানি চলে। যদি প'লিচিত কোনো সাল-সলনি কৰিব লগা আছে গ্ৰাহকজনে সেই পৰিবৰ্তন ফলপ্ৰসূ কৰিবলৈ যান-বাহন বীমা কোম্পানীৰ ওচৰ চাপিব লাগিব। এইটো কৰা হয় একোখন সমৰ্থন পত্ৰৰ জৰিয়তে।

অতিৰিক্ত সা-সুবিধা আৰু ক'ভাৰ (যেনে- চালকৰ প্ৰতি আইনী দায়বদ্ধতা) দিবলৈ অথবা নিষেধাজ্ঞা আৰোপ কৰিবলৈ (যেনে- দুৰ্ঘটনামূলক ক্ষতি কৰ্তনযোগ্য) সমৰ্থন পত্ৰখন প'লিচি দিয়াৰ সময়তে দিয়া যাব পাৰে। সেই সমৰ্থন পত্ৰৰ কথাখিনি টেৰিফত দিয়া হৈছে। সমৰ্থন পত্ৰ এখন পৰবৰ্তীকালত ঠিকনা সলনি, নাম সলনি, বাহন সলনি আদিৰ দৰে পৰিবৰ্তনবোৰ ৰেকৰ্ড কৰিবলৈকো দিয়া যাব পাৰে

  • প্ৰিমিয়াম চেক
  • নৱীকৰন প্ৰত্যুত্তৰ ফৰ্ম
  • ক'ভাৰেজত যদিহে কোনো সালসালনি বিচাৰে, গ্ৰাহকজনে সেই একে কথাবোৰ নৱীকৰন প্ৰত্যুত্তৰ ফৰ্মত জনাব পাৰে।

গৃহ বীমাই অট্টালিকা আৰু আপোনাৰ ঘৰৰ সা-সামগ্ৰীবোৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট দুৰ্যোগ যেনে অগ্নিকাণ্ড, ভূমিকম্প, ধুমুহা, ঘূৰ্ণীবতাহ, বা-মাৰলি, টৰ্নাড', হাৰিকেন, বানপানী অথবা খৰাং, বজ্ৰপাত, ধৰ্মঘট, বিষ্ফোৰন, ভূমিষ্খলন, যান-বাহন অথবা উৰাজাহাজৰ প্ৰভাৱ, আৰু পানীৰ টেংক ভৰ্তি হৈ ফাটি যোৱা অথবা টেংক আৰু পাইপৰ পৰা পানী বাগৰি যোৱা আদি দুৰ্যোগৰ পৰা সুৰক্ষিত কৰে ।চুৰিৰ ক্ষেত্ৰত ই লগতে আপোনাৰ ঘৰৰ সামগ্ৰী (গা-গহনা)ও ক'ভাৰ কৰে

হয়

গৃহ বীমাই তলত দিয়া অগ্নি আৰু সংকটবোৰ ক'ভাৰ কৰে

  • জুই, বিজুলী, বিষ্ফোৰণ/ উৰাজাহাজৰ ক্ষতি
  • বিদ্ৰোহ অথবা ধৰ্মঘট, দুৰ্ভাৱনাপূৰ্ণ আৰু সন্ত্ৰাসবাদী ক্ষতি
  • পানীৰ টেংক ভৰ্তি হৈ ফাটি যোৱা, বিষ্গোৰণ ঘটা, যন্ত্ৰপাতি, পাইপসমূহ
  • ভূমিকম্প আশংকা, বানপানী আৰু ধুমুহাৰ আশংকা
  • ৰেল/পথ যান-বাহন আৰু জন্তুৰ দ্বাৰা হোৱা প্ৰভাৱী ক্ষতি
  • প্ৰশমন আৰু ভূমিষ্খলন, শিলাবৰ্ষন
  • মিছাইল পৰীক্ষণ অভিযানবোৰ
  • স্বয়ংক্ৰিয় স্প্ৰিংকলাৰ ইনষ্টলেচনত লিকেজ
  • বুশ্ব ফায়াৰ

হয়, চুৰি, ডকাইতিৰ বাবে গহনা হেৰালে ই ক'ভাৰ কৰে, কিন্তু এটা নিৰ্দিষ্ট সীমালৈ।

ঘৰুৱা ( বৈদ্যুতিক/যান্ত্ৰিক) উপাদানবোৰ , আপোনাৰ লগত বা পৰিয়ালৰ লগত থকা ৭ বছৰ হোৱা যন্ত্ৰপাতি বা গেজেট, যিবোৰ বৈদ্যুতিক বিজুতি অথবা যান্ত্ৰিক বিপৰ্য্যয়ৰ বাবে নষ্ট হয়, আৰু তেনেক্ষেত্ৰত আমি ক্ষতিৰ বাবে ধন প্ৰদান কৰিম অথবা যদি আমি বাচি লওঁ, আমি তাৰ মেৰামতি অথবা পৰিবৰ্তনৰ প্ৰস্তাব দিম।

আমি লগতে পৰিশোধ কৰো-

  • মেৰামতিৰ কাৰণে খোলা আৰু পুনৰ ইনষ্টল কৰাৰ খৰছ
  • পৰিবহন ব্যয়, শুল্ক ব্যয় আৰু সামগ্ৰী সলাওঁতে অন্য দিবলগীয়া ব্যয় সমূহ
  • দেখওৱা হৈছে যে এই সকলোবোৰ বীমাকৃত মূলধনত অন্তৰ্ভুক্ত কৰা হৈচছে।

হয়, মৃত্যু, সম্পূৰ্ণৰৰুপে আৰু স্থায়ী অক্ষমতা আৰু আংশিক অক্ষমতা আৰু অস্থায়ী অক্ষমতা সকলো ক'ভাৰ হয়

হয় আৰু ক'ভাৰেজবোৰ তলত উল্লেখ কৰাৰ দৰে:

  • বিত্তীয় যোগানকাৰীক প্ৰতিমাহৰ কিস্তি পৰিশোধ
  • ৩০ দিনৰ অধিক কোনো ব্যক্তিক কোনো নিয়োগকৰ্মত/বৃত্তিত লগাব নোৱাৰে।
  • অতি কমেও ৩ দিন চিকিৎসালয়ত ভৰ্তি হৈ থকা
  • আমাৰ দায়বদ্ধতা খুব বেছি ১২ মাহৰ কিস্তিলৈ হ'ব।
  • বেমাৰ আৰু দুৰ্ঘটনাৰ বাবে সম্পূৰ্ণ অক্ষম

এই উপ-ধাৰা সম্পৰ্কীত অনুচ্ছেদত উল্লেখিত মতে মাৰাত্মক দূৰ্ঘটনা আইন, ১৮৫৫ ৰ অধীনত প'লিচি চলি থকা কালছোৱাত যদি কোনো কৰ্মচাৰীৰ, ঘৰুৱা কৰ্মচাৰী হিচাপে আপোনাৰ ঘৰৰ কামত নিয়োগ হৈ থাকোতে অথবা কামৰ বাহিৰত থাকোতে দূৰ্ঘটনামূলক মৃত্যু, শাৰিৰীক আঘাত, বেমাৰ অথবা ৰোগ আদি ঘটে, শ্ৰমিকৰ ক্ষতিপূৰণ আইন ১৯২৩ অথবা সাধাৰণ আইনৰ সংশোধনী মতে সুৰক্ষা প্ৰাপ্য হ'ব।

ভাড়াতীয়া হিচাপে আপুনি ভাড়া লোৱা ঘৰৰ ক্ষতিৰ বাবে ভাড়া চুক্তিমতে আইনী দায়বদ্ধতা

    • কাৰণ ( অনুচ্ছেদ ১ আৰু ২)
    • অনুচ্ছেদ ১( অগ্নি আৰু সংযুক্ত সংকট) আৰু অনুচ্ছেদ ২( চুৰি, ঘৰৰ তলাভঙা আৰু অন্য সংকটসমূহ)
  • অট্টালিকা, বৈদ্যুতিক ইনষ্টলেচন, মাটিৰ ওপৰেদি, মাটিৰ তলেদি কেবল্ তাঁৰ, কাচ/চেনিটেৰি ফিটিং অন্যান্য ফিটিং আৰু ফিক্সাৰচ
  • দায়বদ্ধতা ণিৰ্ণয় কৰা হ'ব বজাৰ মূল্যৰ ভিত্তিত

আই ডি ভি হ'ল বাহনৰ মূঠ বীমাৰ মূল্য। বাহনৰ আই ডি বি মূল্য নিৰ্ধাৰন কৰা হয় বাহন বনোৱা ব্ৰেণ্ডৰ বিক্ৰি মূল্যৰ ওপৰত ভিত্তি কৰি আৰু মূল্য হ্ৰাস হয় বাহন খন কিমান পূৰনি তাৰ ওপৰত ভিত্তি কৰি

বাহনৰ বীমাৰ সময়ত নীতিৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত কোনো লোকে দাবী নকৰিলে, তেওক দিয়া ৰেহাইকে দাবী নকৰা বোনাছ বোলে সাধাৰনতে ইয়াৰ নিম্ন সীমা ২০% আৰু উৰ্ধ সীমা ৫০%

লোডিং হৈছে এটা অতিৰিক্ত অধিহাৰ, যিতো বীমা নীতি নৱীকৰণৰ সময়ত পৰিশোধ কৰা হয় যদি নীতিৰ ম্যাদৰ সময়ত দাবীৰ অভিজ্ঞতা আতৰি যায়

যদি আপুনি চুৰি-বিৰোধি আহিলা আপোনাৰ গাড়ীত স্থাপিত কৰে তেনেহ'লে এটা ৰেহাই উপলব্ধ আছে যিয়ে আহিলাটো যোগান ধৰে ভাৰতৰ যান-বাহন গৱেষণা সংস্থানৰ দ্বাৰা অনুমোদন হোৱা আৰু যান-বাহন সন্থাৰ দ্বাৰা স্থাপিতৰ অনুমোদন পোৱা ।

দাবীৰ ক্ষেত্ৰত কোনো অতিৰিক্ত প্ৰিমিয়াম ভৰিব নালাগে, যদিও দাবীৰ অভিজ্ঞতা বেয়া হলে কোম্পানীৰ নীতি অনুশৰি অতিৰিক্ত মাছুল ভৰিব লগা হ'ব পাৰে য়োু োনলু লোসে য়োুৰ নো চলািম বোনুস তহাত য়োু চোুলদ হাৱে েনজোয়েদ হাদ তহেৰে বৈন নো চলািম োন তহে পোলিচয়.

চেলভেজ হ'ল বাহনৰ দূৰ্ঘটনাৰ ফলত হোৱা জাহাজৰ ৰেকৰ মূঠ ক্ষতিৰ পৰিমাণ য'ত বাহনখন পূনৰ মেৰামতি কৰিব নোৱাৰি।

নিৰ্দিষ্ট ব্যতিক্ৰমতা

  • ভৌগোলিক পৰিসীমাৰ বাহিৰৰ অভিযানৰ কোনো দূৰ্ঘটনা
  • আনুষঙ্গিক ক্ষতি, সাধাৰন ক্ষয়-ক্ষতি
  • সেইতো স্তৰৰ যান-বাহনৰ বাবে অনুজ্ঞা পত্ৰ নোহোৱাকৈ বাহন চলোৱাচ
  • ব্যৱহাৰৰ নিৰ্ধাৰিত সীমা থকা স্বত্তেও বাহনৰ কম ব্যৱহাৰ
  • ব্যৱহাৰৰ নিৰ্ধাৰিত সীমা থকা স্বত্তেও বাহনৰ কম ব্যৱহাৰ
  • যান্ত্ৰিক আৰু বৈদ্যুতিক ক্ষতি, বিজুতি আদি নিৰ্দিষ্ট ব্যতিক্ৰমতাৰ ভিতৰত পৰে
  • ইচ্ছাকৃত ক্ষতি বিনিয়োগ বা পুৰস্কাৰ
  • বাহনৰ চুৰি হোৱা বা একে সময়তে ক্ষতি নোহোৱালৈকে টায়াৰ আৰু টিউবৰ ক্ষতি

সাধাৰন ব্যতিক্ৰমতা

  • ৰেডিঅ' এক্তিভ কন্টামিনেশন, নিউক্লিয়াৰ ফিজিয়ন, ৱাৰ ইনভেশ্বন

আপুনি নিৰ্দিষ্ট স্বৰ্তত দাবী কৰিব পাৰিব

  • বাহন খন বীমাকৃত হ'ব লাগিব
  • আপুনি যদি গাড়ী চালক জনক মজূৰি দিয়ে বা আপোনাৰ অনুমতিত যদি তেও গাড়ীখন চলাইছিল
  • যদি গাড়ী চালক জনৰ অনুজ্ঞা পত্ৰ আছে আৰু চালক জনৰ আসনখনকে ধৰি আসনৰ ক্ষমতা অনুযায়ী প্ৰীমিয়াম দিয়া হৈছিল

যদি ক্ষতিৰ পৰিমাণ কম হয় তেনেহ'লে দাবী কৰাতো প্ৰয়োজনীয় নহয় দৰাচলতে কম ক্ষতিৰ বাবে দাবী কৰাতো পৰামৰ্শ দিয়া নহয় কাৰন মূল্যৰ হ্ৰাস বৃদ্ধিৰ বাবে আপুনি মাচুল ভৰিব লগা হ'ব, দাবীৰ পৰিমাণতকৈও মূল্য কমি যাব লগতে নৱীকৰণৰ সময়ত আপুনি দাবী নকৰা বোনাচো হেৰুৱাব। যদি আপুনি দাবী নকৰো বুলি সিদ্ধান্ত লয়, পাছত দাবী কৰিব নোৱাৰিব

আপোনাৰ ৱাইন্দস্ক্ৰীণৰ গ্লাছৰ বাবে সম্পূৰ্ণ মূল্য পৰিশোধ কৰা হ'ব যদিও ৰাবাৰ, লাইনিং আৰু ছিলেন্টৰ বাবে ৫০% মূল্য হ্ৰাস হ'ব অতিৰিক্ত ভাবে বীমা বৰ্হীভূত মুল্য পৰিশোধ কৰিব লগা হ'ব পাৰে

নিৰ্দিষ্ট স্বৰ্তত বীমা কোম্পানীৰ নীতি অনুসৰি দাবী বাতিল কৰিব ল'গা হ'ব পাৰে বাতিলকৰনৰ সাধাৰন কাৰন সমূহ হ'ল

  • নীতিৰ সময়সীমা উকলি যোৱা বা নীতিৰ বাতিলকৰন বা প্ৰীমিয়াম চেক বাতিল হৈ নীতিৰ অবৈধতা হোৱা
  • যদি দূৰ্ঘটনা বা ক্ষতিৰ তাৰিখ নীতিৰ সময়সীমাৰ বাহিৰৰ হয়
  • দূৰ্ঘটনাৰ সময়ত চালক জনৰ অনুজ্ঞা পত্ৰ নোহোৱা বা চালক জন সুৰাসক্ত বা ড্ৰাগছ আসক্ত হোৱা
  • বাহনৰ মালিকীস্বত্ত সলনি হোৱাৰ স্বত্তেও ১৪ দিনৰ ভিতৰত বীমা কোম্পানীক অৱগত নকৰালে বা বীমা আৰম্ভ হোৱাৰ আগতেই বাহনৰ ক্ষতি হ'লে
  • দূৰ্ঘটনাৰ কাৰনৰ লগত ক্ষতিৰ ধৰন নিমিলিলে বা বাহন খন ব্যক্তিগত বা সামাজিক কামত ব্যৱহাৰ কৰিলে

ইফকো ট'কিঅ' -জেনেৰেল ইঞ্চুৰেঞ্চৰ কৰ্পোৰেট কাৰ্য্যালয় আছে গুৰুগ্ৰামত, যি হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ একোটা অংশ। ডাক ঠিকনাটি তলত দিয়া হৈছে:

ইফকো ট'কিঅ' জেনেৰেল ইঞ্চুৰেঞ্চ কো লিমিটেড

ইফকো টাৱাৰ

৪ৰ্থ ও ৫ম মহলা

প্লট নং ৩ চেক্টৰ-২৯

গুৰুগ্ৰাম-১২২০০১, হাৰিয়ানা

বীমাকৰ্তাই বীমা কৰাই দিওঁতা বীমা কোম্পানীক বুজায়।

বীমাকৃতই প'লিচি ধাৰকজনক অথবা ক্ষতিৰ বাবে অথবা ক্লেইমৰ বাবে সুৰক্ষিত থকা ব্যক্তিজনক বুজায়।

ইফকো ট'কিঅ' হৈছে ভাৰতীয় কৃষকৰ ফাৰ্টিলাইজাৰ কো-অপাৰেটিভ লিমিটেড ( ইফকো) আৰু ইয়াৰ সহযোগী সংস্থা আৰু ট'কিঅ' মেৰাইন আৰু নিছিড' ফায়াৰ গ্ৰুপ, যি হৈছে জাপানৰ তালিকাভুক্ত সৰ্ববৃহৎ ইঞ্চুৰেঞ্চ গ্ৰুপ, এই সকলোৰে এটা যৌথ প্ৰতিষ্ঠান। ৬৩ টা " ষ্ট্ৰেটেজিক বিজনেচ ইউনিট"(এছবিইউ), ১২০ টাতকৈ অধিক "লেটাৰেল স্প্ৰেড চেন্টাৰ" (এলচিএছ) আৰু ২৫৫ টা বীমা কেন্দ্ৰৰ বৃহৎ নেটৱৰ্কৰ সৈতে ইফকো ট'কিঅ' জেনেৰেল ইঞ্চুৰেঞ্চৰ সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি আছে।

IRDA (বীমা বিনিয়ামক আৰু বিকাশ প্ৰাধিকৰন) হৈছে শীৰ্ষ সংস্থা যিয়ে ভাৰতৰ বীমা ক্ষেত্ৰৰ নিৰীক্ষণ কৰে। ইয়াৰ মুখ্য উদ্দেশ্যসমূহ হৈছে প’লিচি ধাৰকৰ স্বাৰ্থ ৰক্ষা কৰা আৰু বীমা উদ্যোগটোক নিয়ন্ত্ৰণ কৰা।

প্ৰিমিয়ামে বীমা প’লিচি ক্ৰয় কৰিবলৈ পৰিশোধ কৰা টকাৰ পৰিমাণকে বুজায়। প্ৰিমিয়াম পৰিশোধৰ ক্ৰম মাহিলি, চাৰিমহীয়া, বছৰেকীয়া অথবা এবাৰেই দিবপৰা ধৰণৰ ভিন ভিন হ’ব পাৰে ।

বীমা হৈছে অপ্ৰত্যাশীত ঘটনাৰ বিপৰীতে একোটা সুৰক্ষা বীমা প্ৰডাক্টে অকল আপোনাৰ বিপদ আশংকা হ্ৰাস কৰাত সহায় নকৰে , ই লগতে আপোনাৰ অৰ্থনৈতিক দুৰাৱস্থাৰ সময়ত বিত্তীয় সাহাৰ্য্য আগবঢ়াই আপুনি ভোগ কৰা চাপৰ পৰা মুক্ত কৰিও ৰাখে।

দুৰ্ঘটনা, বেমাৰ-আজাৰ, অগ্নিকাণ্ড---অৰ্থনৈতিক সুৰক্ষাবোৰ হৈছে মুখ্য বিষয়বস্তু---যিবোৰৰ কাৰণে আপুনি সকলো সময়তে ভাবিব লাগে। জেনেৰেল ইঞ্চুৰেঞ্চ এ এনে ধৰণৰ নিশ্চয়তা নথকা ঘটনাবোৰৰ ক্ষেত্ৰত আপোনাক জৰুৰী সুৰক্ষা প্ৰদান কৰে। জীৱন বীমাৰ দৰে ৰিটাৰ্ন ঘূৰাই পোৱাৰ ই বাবে নহয়, কিন্তু ই হৈছে কোনো আকস্মিক ব্যয়ৰ বিৰুদ্ধে সুৰক্ষা। সংসদৰ কিছুমান নিৰ্দিষ্ট আইনৰ অধীনত কিছুমান বীমা বাধ্যতামূলক কৰা হৈছে, যেনে- যান-বাহন বীমা আৰু ৰাজহুৱা দায়বদ্ধতা বীমা।

হয়, বীমা লোৱাটো ভাৰতত বাধ্যতামূলক । বাধ্যতামূলক দায়বদ্ধতা বীমা হৈছে যান-বাহন আইন, ১৯৮৮ ৰ বিধিসন্মত প্ৰয়োজনীয়তা। অৱশ্যে, আমি আপোনাৰ বিত্তীয় দায়বদ্ধতাখিনি সীমিত কৰিবলৈ ব্যাপক প’লিচি এটা আপোনাৰ বাবে পৰামৰ্শ কৰো ।

বীমা হৈছে আগ্ৰহৰ বিষয়স্তু। IRDA এ তলত দিয়া মাধ্যমৰ জৰিয়তে বীমা বিক্ৰী কৰাৰ অনুমতি:

চেনেলসমূহ

  • কোম্পানী ৱেবচাইট
  • ফোনত কিনা। ই নিৰ্ভৰ কৰে কিছুমান ব্যক্তিগত কোম্পানীৰ ওপৰত।
  • বীমা কোম্পানী এটাক প্ৰতিনিধিত্ব কৰা এজেন্ট সকলে
  • বীমা ব্ৰ’কাৰ সকলক এটাতকৈ বেছি বীমা কোম্পানীৰ প্ৰডাক্টসমূহ বিক্ৰী কৰিবলৈ অনুমতি দিয়া হয় । বেংক, খুচুৰা বিক্ৰী কেন্দ্ৰ অথবা অন্য যিকোনো ব্যৱসায়িক প্ৰতিষ্ঠান হৈছে এনে বিক্ৰী কেন্দ্ৰ যিবোৰ হৈছে বীমা কোম্পানীবিলাকৰ চেনেল পাৰ্টনাৰ।

প্ৰক্ৰিয়া

  • সঠিকভাৱে নিয়াৰিকৈ পূৰণ কৰা প্ৰপ'জেল ফৰ্ম খনৰ সৈতে ওপৰত উল্লেখ কৰা যিকোনো এটা চেনেলৰ জৰিয়তে বীমা কোম্পানীৰ ওচৰ চাপক।
  • আপোনাৰ প'লিচিখন আণ্ডাৰৰাইটিং কৰাৰ উদ্দেশ্যৰ ওপৰত কোম্পানীৰ পৰা অনুমোদন বিচাৰক(যেনে- আপোনাৰ ৰিস্ক বা বিপদ আশংকা আৰু আপোনাৰ বিপদৰ সম্ভাৱনাবোৰ ণিৰ্ণয়। ৰিস্কৰ ভিতৰত থাকে ভৌতিক তথ্যবোৰ যাৰ ওপৰত ভিত্তি কৰি কোম্পানীয়ে সিদ্ধান্ত ল'ব ৰিস্ক টো ল'ব নে নাই আৰু যদি লয় কিমান পৰিমাণৰ প্ৰিমিয়ামত ল'ব।)
  • প্ৰিমিয়াম আৰু অন্যান্য আনুষংগিক কথাবোৰৰ সৱিশেষ বিচাৰক।
  • প্ৰিমিয়াম জমা দিয়ক আৰু প্ৰিমিয়াম ৰছিদ লওক আৰু লগতে ক'ভাৰ নোট/ ৰিস্ক লোৱা টোকা লওক।
  • নথিপত্ৰৰ বাবে অপেক্ষা কৰক।
  • ৰছিদত সকলো শুদ্ধ আছেনে পৰীক্ষা কৰক আৰু তাক সজতনে প'লিচি সমাপ্ত হোৱা দিনলৈ ৰাখক।
  • নিশ্চিত কৰক যাতে প'লিচি সমাপ্ত হোৱাৰ আগলৈ সঠিক সময়ত আপুনি প'লিচিখন নৱীকৰন কৰিব।

কোনো এটা ৰিস্ক আণ্ডাৰৰাইটিং কৰা মানে ভৌতিক তথ্যবোৰ বিবেচনা কৰা যাৰ ওপৰত ভিত্তি কৰি ভৌতিক তথ্যবোৰ যাৰ ওপৰত ভিত্তি কৰি কোম্পানীয়ে সিদ্ধান্ত ল'ব ৰিস্ক টো ল'ব নে নাই আৰু যদি লয় কিমান পৰিমাণৰ প্ৰিমিয়ামত ল'ব।

সাধাৰণতে জেনেৰেল ইঞ্চুৰেঞ্চ চুক্তিবোৰ মাত্ৰ এবছৰৰ কাৰণেহে থাকে।

এজেন্টসকলে কেৱল এটা ইঞ্চুৰেঞ্চ কোম্পানীক প্ৰতিনিধিত্ব কৰে আৰু কেৱল তাৰেই প্ৰডাক্ট বিক্ৰী কৰে। য'ত নেকী ইঞ্চুৰেঞ্চ ব্ৰ'কাৰবোৰক এটাতকৈ বেছি ইঞ্চুৰেঞ্চ কোম্পানীৰ প্ৰডাক্ট বিক্ৰী কৰিবলৈ অনুমতি দিয়া হয়।


Download Motor Policy

Feedback