PrintPrintEmail this PageEmail this Page

গেত অনসৱেৰ্স ওফ অলল য়ৌৰ qুেৰিেস য়ৌ মিঘত হৱে ফoৰ উস।

ইফকো ট'কিঅ' -জেনেৰেল ইঞ্চুৰেঞ্চৰ কৰ্পোৰেট কাৰ্য্যালয় আছে গুৰুগ্ৰামত, যি হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ একোটা অংশ। ডাক ঠিকনাটি তলত দিয়া হৈছে:

ইফকো ট'কিঅ' জেনেৰেল ইঞ্চুৰেঞ্চ কো লিমিটেড

ইফকো টাৱাৰ

৪ৰ্থ ও ৫ম মহলা

প্লট নং ৩ চেক্টৰ-২৯

গুৰুগ্ৰাম-১২২০০১, হাৰিয়ানা

বীমাকৰ্তাই বীমা কৰাই দিওঁতা বীমা কোম্পানীক বুজায়।

বীমাকৃতই প'লিচি ধাৰকজনক অথবা ক্ষতিৰ বাবে অথবা ক্লেইমৰ বাবে সুৰক্ষিত থকা ব্যক্তিজনক বুজায়।

ইফকো ট'কিঅ' হৈছে ভাৰতীয় কৃষকৰ ফাৰ্টিলাইজাৰ কো-অপাৰেটিভ লিমিটেড ( ইফকো) আৰু ইয়াৰ সহযোগী সংস্থা আৰু ট'কিঅ' মেৰাইন আৰু নিছিড' ফায়াৰ গ্ৰুপ, যি হৈছে জাপানৰ তালিকাভুক্ত সৰ্ববৃহৎ ইঞ্চুৰেঞ্চ গ্ৰুপ, এই সকলোৰে এটা যৌথ প্ৰতিষ্ঠান। ৬৩ টা " ষ্ট্ৰেটেজিক বিজনেচ ইউনিট"(এছবিইউ), ১২০ টাতকৈ অধিক "লেটাৰেল স্প্ৰেড চেন্টাৰ" (এলচিএছ) আৰু ২৫৫ টা বীমা কেন্দ্ৰৰ বৃহৎ নেটৱৰ্কৰ সৈতে ইফকো ট'কিঅ' জেনেৰেল ইঞ্চুৰেঞ্চৰ সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি আছে।

IRDA (বীমা বিনিয়ামক আৰু বিকাশ প্ৰাধিকৰন) হৈছে শীৰ্ষ সংস্থা যিয়ে ভাৰতৰ বীমা ক্ষেত্ৰৰ নিৰীক্ষণ কৰে। ইয়াৰ মুখ্য উদ্দেশ্যসমূহ হৈছে প’লিচি ধাৰকৰ স্বাৰ্থ ৰক্ষা কৰা আৰু বীমা উদ্যোগটোক নিয়ন্ত্ৰণ কৰা।

প্ৰিমিয়ামে বীমা প’লিচি ক্ৰয় কৰিবলৈ পৰিশোধ কৰা টকাৰ পৰিমাণকে বুজায়। প্ৰিমিয়াম পৰিশোধৰ ক্ৰম মাহিলি, চাৰিমহীয়া, বছৰেকীয়া অথবা এবাৰেই দিবপৰা ধৰণৰ ভিন ভিন হ’ব পাৰে ।

বীমা হৈছে অপ্ৰত্যাশীত ঘটনাৰ বিপৰীতে একোটা সুৰক্ষা বীমা প্ৰডাক্টে অকল আপোনাৰ বিপদ আশংকা হ্ৰাস কৰাত সহায় নকৰে , ই লগতে আপোনাৰ অৰ্থনৈতিক দুৰাৱস্থাৰ সময়ত বিত্তীয় সাহাৰ্য্য আগবঢ়াই আপুনি ভোগ কৰা চাপৰ পৰা মুক্ত কৰিও ৰাখে।

দুৰ্ঘটনা, বেমাৰ-আজাৰ, অগ্নিকাণ্ড---অৰ্থনৈতিক সুৰক্ষাবোৰ হৈছে মুখ্য বিষয়বস্তু---যিবোৰৰ কাৰণে আপুনি সকলো সময়তে ভাবিব লাগে। জেনেৰেল ইঞ্চুৰেঞ্চ এ এনে ধৰণৰ নিশ্চয়তা নথকা ঘটনাবোৰৰ ক্ষেত্ৰত আপোনাক জৰুৰী সুৰক্ষা প্ৰদান কৰে। জীৱন বীমাৰ দৰে ৰিটাৰ্ন ঘূৰাই পোৱাৰ ই বাবে নহয়, কিন্তু ই হৈছে কোনো আকস্মিক ব্যয়ৰ বিৰুদ্ধে সুৰক্ষা। সংসদৰ কিছুমান নিৰ্দিষ্ট আইনৰ অধীনত কিছুমান বীমা বাধ্যতামূলক কৰা হৈছে, যেনে- যান-বাহন বীমা আৰু ৰাজহুৱা দায়বদ্ধতা বীমা।

হয়, বীমা লোৱাটো ভাৰতত বাধ্যতামূলক । বাধ্যতামূলক দায়বদ্ধতা বীমা হৈছে যান-বাহন আইন, ১৯৮৮ ৰ বিধিসন্মত প্ৰয়োজনীয়তা। অৱশ্যে, আমি আপোনাৰ বিত্তীয় দায়বদ্ধতাখিনি সীমিত কৰিবলৈ ব্যাপক প’লিচি এটা আপোনাৰ বাবে পৰামৰ্শ কৰো ।

বীমা হৈছে আগ্ৰহৰ বিষয়স্তু। IRDA এ তলত দিয়া মাধ্যমৰ জৰিয়তে বীমা বিক্ৰী কৰাৰ অনুমতি:

চেনেলসমূহ

  • কোম্পানী ৱেবচাইট
  • ফোনত কিনা। ই নিৰ্ভৰ কৰে কিছুমান ব্যক্তিগত কোম্পানীৰ ওপৰত।
  • বীমা কোম্পানী এটাক প্ৰতিনিধিত্ব কৰা এজেন্ট সকলে
  • বীমা ব্ৰ’কাৰ সকলক এটাতকৈ বেছি বীমা কোম্পানীৰ প্ৰডাক্টসমূহ বিক্ৰী কৰিবলৈ অনুমতি দিয়া হয় । বেংক, খুচুৰা বিক্ৰী কেন্দ্ৰ অথবা অন্য যিকোনো ব্যৱসায়িক প্ৰতিষ্ঠান হৈছে এনে বিক্ৰী কেন্দ্ৰ যিবোৰ হৈছে বীমা কোম্পানীবিলাকৰ চেনেল পাৰ্টনাৰ।

প্ৰক্ৰিয়া

  • সঠিকভাৱে নিয়াৰিকৈ পূৰণ কৰা প্ৰপ'জেল ফৰ্ম খনৰ সৈতে ওপৰত উল্লেখ কৰা যিকোনো এটা চেনেলৰ জৰিয়তে বীমা কোম্পানীৰ ওচৰ চাপক।
  • আপোনাৰ প'লিচিখন আণ্ডাৰৰাইটিং কৰাৰ উদ্দেশ্যৰ ওপৰত কোম্পানীৰ পৰা অনুমোদন বিচাৰক(যেনে- আপোনাৰ ৰিস্ক বা বিপদ আশংকা আৰু আপোনাৰ বিপদৰ সম্ভাৱনাবোৰ ণিৰ্ণয়। ৰিস্কৰ ভিতৰত থাকে ভৌতিক তথ্যবোৰ যাৰ ওপৰত ভিত্তি কৰি কোম্পানীয়ে সিদ্ধান্ত ল'ব ৰিস্ক টো ল'ব নে নাই আৰু যদি লয় কিমান পৰিমাণৰ প্ৰিমিয়ামত ল'ব।)
  • প্ৰিমিয়াম আৰু অন্যান্য আনুষংগিক কথাবোৰৰ সৱিশেষ বিচাৰক।
  • প্ৰিমিয়াম জমা দিয়ক আৰু প্ৰিমিয়াম ৰছিদ লওক আৰু লগতে ক'ভাৰ নোট/ ৰিস্ক লোৱা টোকা লওক।
  • নথিপত্ৰৰ বাবে অপেক্ষা কৰক।
  • ৰছিদত সকলো শুদ্ধ আছেনে পৰীক্ষা কৰক আৰু তাক সজতনে প'লিচি সমাপ্ত হোৱা দিনলৈ ৰাখক।
  • নিশ্চিত কৰক যাতে প'লিচি সমাপ্ত হোৱাৰ আগলৈ সঠিক সময়ত আপুনি প'লিচিখন নৱীকৰন কৰিব।

কোনো এটা ৰিস্ক আণ্ডাৰৰাইটিং কৰা মানে ভৌতিক তথ্যবোৰ বিবেচনা কৰা যাৰ ওপৰত ভিত্তি কৰি ভৌতিক তথ্যবোৰ যাৰ ওপৰত ভিত্তি কৰি কোম্পানীয়ে সিদ্ধান্ত ল'ব ৰিস্ক টো ল'ব নে নাই আৰু যদি লয় কিমান পৰিমাণৰ প্ৰিমিয়ামত ল'ব।

সাধাৰণতে জেনেৰেল ইঞ্চুৰেঞ্চ চুক্তিবোৰ মাত্ৰ এবছৰৰ কাৰণেহে থাকে।

এজেন্টসকলে কেৱল এটা ইঞ্চুৰেঞ্চ কোম্পানীক প্ৰতিনিধিত্ব কৰে আৰু কেৱল তাৰেই প্ৰডাক্ট বিক্ৰী কৰে। য'ত নেকী ইঞ্চুৰেঞ্চ ব্ৰ'কাৰবোৰক এটাতকৈ বেছি ইঞ্চুৰেঞ্চ কোম্পানীৰ প্ৰডাক্ট বিক্ৰী কৰিবলৈ অনুমতি দিয়া হয়।


Download Motor Policy

Feedback