Health insurance

যদি মই প'লিচিখন নাকচ কৰো তেতিয়া কি হ;ব?

যদি মই প'লিচিখন নাকচ কৰো তেতিয়া কি হ;ব?

যদি আপুনি প'লিচিখন নাকচ কৰে, নাকচ কৰা তাৰিখৰ পৰাই আপোনাৰ ক'ভাৰ বন্ধ হ'ব।লগতে, কম সময়ৰ নাকচ হাৰত আপোনাৰ প্ৰিমিয়াম আপোনাক ঘূৰাই দিয়া হ'ব , আপোনাৰ প'লিচি নথিখনত আপুনি এই প'লিচি চৰ্তাৱলী বোৰ পাব।

বীমা কোম্পানীয়ে অসুখ আগৰ পৰা আছে নে নাই কেনেকে নিৰ্ণয় কৰে?

বীমা কোম্পানীয়ে অসুখ আগৰ পৰা আছে নে নাই কেনেকে নিৰ্ণয় কৰে?

বীমাৰ কাৰণে প্ৰ'প'জেল ফৰ্ম পূৰাওঁতে আপুনি আপোনাৰ জীৱনত ভোগ কৰা বেমাৰৰ সৱিশেষ জনাব লাগিব। বীমাৰ সময়ত, আপুনি সচেতন থাকিব লাগিব যে আপুনি কোনো অসুখত ভূগি আছে নেকী অথবা কোনো বেমাৰৰ চিকিৎসা চলি আছে নেকী। এনে বিষয়বোৰ বীমাকৰ্তাই আগৰে পৰা থকা আৰু নতুনকৈ দেখা দিয়া বেমাৰৰ মাজত পাৰ্থক্য ণিৰ্ণয় কৰিবলৈ তেওঁলোকৰ মেডিকেল পেনেললৈ পৰামৰ্শৰ বাবে প্ৰেৰণ কৰে।

টোকা::স্বাস্থ্য বীমা প'লিচি ক্ৰয় কৰাৰ আগতে আপুনি কোনো বেমাৰত ভূগিছিল নে জনোৱাটো জৰুৰী। বীমা হৈছে বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা চুক্তি আৰু জানিশুনি কোৱা মিছা কথাই ভৱিষ্যতে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ইঞ্চুৰেঞ্চত স্বাস্থ্য বীমা আৰু সংকটপূৰ্ণ অসুস্থতা প’লিচি বা সংকটপূৰ্ণ অসুস্থতা ৰাইডাৰছৰ মাজৰ পাৰ্থক্য কি?

ইঞ্চুৰেঞ্চত স্বাস্থ্য বীমা আৰু সংকটপূৰ্ণ অসুস্থতা প’লিচি বা সংকটপূৰ্ণ অসুস্থতা ৰাইডাৰছৰ মাজৰ পাৰ্থক্য কি?

স্বাস্থ্য বীমা প’লিচি হৈছে মেডিকেল ব্যয়ৰ পৰিশোধ।

সংকটপূৰ্ণ অসুস্থতা প’লিচি হৈছে এক সুবিধা প’লিচি। এক সুবিধা প’লিচিৰ অধিনত কোনো ঘটনা ঘটিলে বীমা কোম্পানীয়ে প’লিচিধাৰীক একক পৰিমাণৰ টকা দিয়ে। সংকটজনক অসুস্থতা প’লিচিত, যদি বীমাধাৰীজনৰ প’লিচিত নিৰ্দিষ্টকে দিয়া মতে কোনো সংকটজনক অসুস্থতা ধৰা পৰে।

বীমা কোম্পানীয়ে প’লিচিধাৰীক একক পৰিমাণৰ টকা দিব। ক্লায়েন্টে নিজস্ব বিবেচনা মতে পোৱা পৰিমাণখিনি মেডিকেল চিকিৎসাত খৰচ কৰিবও পাৰে বা নকৰিবও পাৰে।

মেডিক্লেইম স্বাস্থ্য বীমাৰ সৈতে একেই নেকি?

যদি চিকিৎসা লৈ থকাৰ সময়ত প’লিচিধাৰীজনৰ মৃত্যু হয়, তেন্তে স্বাস্থ্য বীমাৰ অধিনত দাবীৰ ধন কোনে পাব?

যদি চিকিৎসা লৈ থকাৰ সময়ত প’লিচিধাৰীজনৰ মৃত্যু হয়, তেন্তে স্বাস্থ্য বীমাৰ অধিনত দাবীৰ ধন কোনে পাব?

নগদহীন মেডিক্লেইম নিষ্পত্তিকৰণত, এইটো নেটৱৰ্ক চিকিৎসালয়ৰ লগত প্ৰতক্ষ্যভাৱে নিষ্পত্তি কৰা হয়। নগদহীন নিষ্পত্তি নথকাৰ ক্ষেত্ৰত, দাবীৰ পৰিমাণ প’লিচিধাৰীৰ মনোনীত ব্যক্তিক দিয়া হয়

যদি কোনো ক্ষেত্ৰত মনোনীত ব্যক্তি নাথাকে, তেতিয়া বীমা কোম্পানীয়ে আইনৰ ক’ৰ্টৰ পৰা উত্তৰাধিকাৰ প্ৰমাণপত্ৰ দিবলৈ অনুৰোধ কৰে। অন্যথা, ক’ৰ্টত মৃতব্যক্তিৰ আইনি পৰৱৰ্তী উত্তৰাধিকাৰীজনক বীমাকাৰীয়ে দাবীৰ পৰিমাণ জমা দিব পাৰে।

Pages


Download Motor Policy

Feedback