PrintPrintEmail this PageEmail this Page

আচৰণ বিধি-

  • প্ৰত্যেকজন এডভাইজাৰ/পৰামৰ্শদাতাই তলত উল্লেখ কৰা আচৰণ বিধিবোৰ মানি চলিব লাগিব।-

প্ৰত্যেকজন এডভাইজাৰ/পৰামৰ্শদাতাই

  • বীমা কাৰ্যবাহী আৰু সকলো বিশেষ নিৰ্দিষ্ট ব্যক্তিৰ কমিচনৰ বাবে আৰু সকলো ধৰণৰ ভুল-ত্ৰুটীৰ দৰে সকলো কামৰ বাবে দায়ী হ'ব লাগিব।
  • বীমা কাৰ্যবাহী আৰু সকলো বিশেষভাৱে নিৰ্দিষ্ট ব্যক্তিয়ে বীমা বজাৰখনত যিবোৰ প্ৰডাক্ট বিক্ৰী কৰে তাৰ বাবে সঠিক প্ৰশিক্ষন লাভ কৰাটো, পাৰদৰ্শী হোৱাটো আৰু বিষয়বস্তুৰ জ্ঞান অৰ্জন কৰাটো নিশ্চিত কৰক।
  • বীমা কাৰ্যবাহী আৰু সকলো বিশেষ নিৰ্দিষ্ট ব্যক্তিয়ে বীমা বজাৰখনত সম্ভাব্য গ্ৰাহকক নিৰ্দিষ্ট প'লিচিৰ সা-সুবিধা আৰু প'লিচিৰ পৰা ঘূৰাই পোৱা লাভালাভ সম্পৰ্কে যাতে কোনো ভুল ব্যাখ্যা নকৰে সেইটো নিশ্চিত কৰক।
  • সম্ভাব্য গ্ৰাহকক যাতে কোনো প'লিচি ক্ৰয় কৰিবলৈ হেঁচা প্ৰয়োগ নকৰে সেইটো নিশ্চিত কৰক।
  • বীমা প্ৰডাক্ট অনুসৰি বীমাকৃত ব্যক্তিজনক যথোপযোগ্য প'লিচি বিক্ৰীৰ আগৰ আৰু বিক্ৰীৰ পিছৰ সেৱা প্ৰদান কৰক।
  • ক্লেইমৰ সময়ত সকলো যাৱতীয় কাম-কাজ নিয়াৰিকৈ কৰাত আৰু প্ৰমাণ পত্ৰ জমা কৰাত বীমাকৃত জনক সম্ভাৱ্য সকলো সহায় আৰু সহযোগিতা আগবঢ়াওক।
  • এজেন্টে যে বীমাৰ সময়ত কোনো বিপদৰ আশংকা আন্দাৰৰাইট নকৰে অথবা বীমাকাৰক হিচাপে কাম নকৰে এই কথাটো প্ৰচাৰ কৰক; বীমা কাৰকৰ সেৱা স্তৰৰ চুক্তিপত্ৰত প্ৰৱেশ কৰক য'ত দুয়োটা পক্ষৰ দ্বায়িত্ব আৰু কৰ্তৱ্যবোৰ ব্যাখ্যা কৰা আছে।
  • প্ৰত্যেকজন এডভাইজাৰ/পৰামৰ্শদাতাই অথবা বীমা কাৰ্য্যবাহীয়ে অথবা বিশেষভাৱে নিৰ্দিষ্ট ব্যক্তিয়ে তলত উল্লেখ কৰা আচৰণ বিধিবোৰ মানি চলিব লাগিব।
    • প্ৰত্যেকজন এডভাইজাৰ/পৰামৰ্শদাতাই অথবা বীমা কাৰ্য্যবাহীয়ে অথবা বিশেষভাৱে নিৰ্দিষ্ট ব্যক্তিয়ে---
      • তেওঁ নিজক আৰু লগতে তেওঁ যিটো কোম্পানীৰ প্ৰতিনিধি সেই কোম্পানীটোৰ পৰিচয় কৰাওক।
      • সম্ভাৱ্য গ্ৰাহকে বিচাৰিলে তেওঁ নিজৰ অনুজ্ঞাপত্ৰ/ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰক
      • যিটো বীমা প্ৰডাক্ট বিক্ৰীৰ বাবে প্ৰস্তাৱ কৰা হৈছে তাৰ প্ৰয়োজনীয় তথ্যখিনি বীমাকাৰকে ধাৰ্য্য কৰা অনুসাৰে গ্ৰাহকক জনাওক আৰু সম্ভাৱ্য গ্ৰাহকজনক প্লেন এটা দিয়াৰ আগতে তেওঁৰ প্ৰয়োজন কি সেইটো জানি লওক।
      • সম্ভাৱ্য গ্ৰাহকে যদি সোধে বীমা প্ৰডাক্ট টোৰ বিপৰীতে লাভ কৰা কমিছনৰ হাৰ প্ৰকাশ কৰক
      • যিটো বীমা প্ৰডাক্ট বিক্ৰীৰ বাবে প্ৰস্তাৱ কৰা হৈছে তাৰ বাবে বীমাকাৰকে ধাৰ্য্য কৰা প্ৰিমিয়াম ৰাশি কিমান হ'ব জনাওক
      • বীমাকাৰকে কেনে ধৰণৰ তথ্য প্ৰ'প'জেল ফৰ্মত বিচাৰিব সেইটো সম্ভাৱ্য গ্ৰাহক জনক বুজাই দিয়ক, লগতে বীমা চুক্তিপত্ৰ ক্ৰয় কৰোতে সেই বীমা চুক্তিপত্ৰত বৈষয়িক তথ্যপাতিবোৰ প্ৰকাশ কৰাৰ গুৰুত্বটো ব্যাখ্যা কৰিব।
      • গ্ৰাহক জনৰ কোনো অস্বাভাৱিক স্বভাৱ অথবা উপাৰ্জনৰ অনিশ্চয়তা থাকিলে জমা কৰোৱা সকলো প্ৰমাণ পত্ৰৰ সৈতে এখন ৰিপ'ৰ্ট বীমাকাৰৰ দৃষ্টিগোচৰ কৰাওক (যিটোক কোৱা হয় বীমা এজেন্টৰ গোপনীয় প্ৰতিবেদন), আৰু যদিহে কোনো তথ্যই কোনো প্ৰভাৱ পেলায় তেন্তে বীমাকৰ্তা কোম্পানীৰ আণ্ডাৰৰাইটাৰে প'লিচি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱাতো প্ৰভাৱিত হ'ব পাৰে আৰু প্ৰয়োজনত গ্ৰাহকজনৰ পৰা যুক্তিসংগত সকলো অনুসন্ধান কৰা হ'ব পাৰে।
      • গ্বীমাকৰ্তাই প্ৰ'প'জেল খন গ্ৰহণ কৰিলে নে নাকচ কৰিলে গ্ৰাহকজনক ততালিকে জনাওক।
      • বীমাকৰ্তাৰ প্ৰ'প'জেল ফৰ্ম পূৰাওঁতে প্ৰয়োজনীয় সকলো প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি ল'ব; প্ৰয়োজনত আৰু অধিক প্ৰমাণ পত্ৰবোৰ সময় অনুসৰি বীমাকাৰী কোম্পানীয়ে বীমা চুক্তিপত্ৰ সম্পূৰ্ণ কৰিবলৈ হ'লে বিচাৰিব পাৰে।
      • বীমাকাৰী কোম্পানীয়ে বিচৰা মতে প'লিচি ধাৰকক অথবা বীমা দাবী কৰ্তাক অথবা হিতাধিকাৰীক দাবী নিষ্পত্তি কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াওক
      • প্ৰত্যেকজন প'লিচিধাৰী ব্যক্তিক কাৰোবাক মনোনয়ন কৰাৰ অথবা দায়িত্ব অৰ্পন কৰাৰ ক্ষেত্ৰত অথবা নিজৰ ঠিকনা অথবা বীমা চলোৱা ধৰণ সলনি কৰিবলৈ বা তেনে অন্য কামত উপযুক্ত পৰামৰ্শ প্ৰদান কৰক, অথবা যেতিয়াই সহায়ৰ আৱশ্যক হয়, সহায় কৰক।
    • কোনো এজেন্ট/বীমা কাৰ্য্যবাহী/ নিৰ্দিষ্ট কৰা ব্যক্তিয়ে নকৰিব-

       

      • বৈধ অনুজ্ঞাপত্ৰ/প্ৰমাণপত্ৰ হাতত নথকাকৈ বীমা ব্যৱসায় চলোৱা অথবা বীমা সংগ্ৰহ কৰা
      • প্ৰ'প'জেল ফৰ্মত কোনো তথ্য উপাদান উল্লেখ নকৰিবলৈ সম্ভাৱ্য গ্ৰাহকক উদ্গনি দিয়া
      • বীমাৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বীমাকাৰকলৈ আগবঢ়োৱা প্ৰ'প'জেল ফৰ্মত অথবা প্ৰমাণপত্ৰত কোনো তথ্য উপাদান ভুলকৈ উল্লেখ কৰিবলৈ সম্ভাৱ্য গ্ৰাহকক উদ্গনি দিয়া
      • সম্ভাৱ্য গ্ৰাহকৰ সৈতে অভদ্ৰ আচৰণ কৰা
      • অন্য কোনোবা নিৰ্দিষ্ট ব্যক্তিয়ে অথবা কোনোবা বীমা মধ্যস্থতাকাৰীয়ে আগবঢ়োৱা প্ৰ'প'জেলৰ ক্ষেত্ৰত হস্তক্ষেপ কৰা
      • তেওঁৰ বীমা কোম্পানীয়ে আগবঢ়োৱাতকৈ ভিন্ন লভ্যাংশৰ হাৰ, সা-সুবিধা, চৰ্তাৱলী আদিৰ প্ৰস্তাৱ দিয়া
      • কোনো বীমাচুক্তিৰ অধীনত হিতাধিকাৰীৰ প্ৰাপ্যৰ পৰা এটা অংশ দাবী কৰা অথবা গ্ৰহণ কৰা
      • চলিত থকা প'লিচি বন্ধ কৰি উঠাই লবলৈ হেঁচা দিয়া আৰু এনেকৈ প'লিচি উঠাই লোৱাৰ তিনিবছৰৰ ভিতৰত নতুন প'লিচি কৰোৱা
      • কোনো এজেন্টৰে কোনো এজন ব্যক্তিৰ পৰা অথবা কোনো এক প্ৰতিষ্ঠানৰ পৰা অথবা কিছু প্ৰতিষ্ঠানবোৰৰ গোটৰ পৰা কৰা বীমা ব্যৱসায়ত বছৰত ধাৰ্য্য কৰা মুঠ প্ৰিমিয়ামৰ পৰিমাণৰ অৰ্ধ শতাংশ প্ৰিমিয়াম অধিক কৰাৰ অধিকাৰ নাথাকিব।
      • যদি কোনো এজেন্টৰ অনুজ্ঞাপত্ৰ কোনোবা মনোনীত ব্যক্তিৰ দ্বাৰা আগতে বাতিল কৰা হৈছিল, আৰু যদিহে সেই বাতিলকৰনৰ তাৰিখৰ পৰা ৫ বছৰ পাৰ হৈ যোৱা নাই তেন্তে বীমা এজেন্ট হিচাপে কাম কৰিবলৈ পুনৰ নতুন অনুজ্ঞাপত্ৰৰ বাবে আবেদন জনাওক।
      • যিকোনো বীমা কোম্পানীৰ সঞ্চালক হওক অথবা হৈ থাকক
    • প্ৰত্যেকজন এজেন্টে ইতিমধ্যে তেওঁৰ দ্বাৰা সংগ্ৰহ কৰা বীমা ব্যৱসায়টো সংৰক্ষণ কৰি চলাই নিবলৈ হ'লে প'লিচিধাৰকজনক মৌখিকভাৱে অথবা লিখিত জাননী দি হ'লেও প'লিচি ধাৰকজনৰ পৰা নিৰ্দিষ্ট কৰা সময়খিনিৰ ভিতৰত প্ৰিমিয়াম সংগ্ৰহ কৰিবলৈ সকলোধৰণৰ প্ৰচেষ্টা কৰিব লাগিব।
    • কোনো এটা কোম্পানীৰ সঞ্চালক অথবা কোনো ব্যৱসায় প্ৰতিষ্ঠানৰ অংশীদাৰ অথবা মুখ্য কাৰ্য্যবাহী অথবা বীমা কাৰ্য্যবাহী অথবা বিশেষভাৱে নিৰ্দিষ্ট কৰা ব্যক্তিয়ে সেই পদত থাকি অন্য যিকোনো বীমা কোম্পানীৰ এজেন্ট হ'ব নোৱাৰিব।

Download Motor Policy

Feedback