PrintPrintEmail this PageEmail this Page

ইঞ্চুৰেঞ্চ এজেন্ট কেনেকৈ হ'ব পাৰি:

যোগ্যতা:

  • ভাৰতীয় নাগৰিক
  • বয়স ১৮ বছৰ হ'ব লাগিব
  • নিম্নতম শিক্ষাগত অৰ্হতা
    • I  গ্ৰাম্য: - দশম শ্ৰেণী উত্তীৰ্ণ (গ্ৰাম্য প্ৰমাণ পত্ৰ বিচৰা হয়। খণ্ড উন্নয়ন বিষয়া অথবা গাওঁ পঞ্চায়তৰ সভাপতিয়ে ব্যক্তিগৰাকী ৫০০০ তকৈ কম জনসংখ্যা থকা সেই নিৰ্দিষ্ট গাওঁৰ বাসিন্দা হয় বুলি দিয়া প্ৰমাণ পত্ৰ হ'ব লাগিব।)
    • II  চহৰ: - দ্বাদশ উত্তীৰ্ণ
  • পেন নম্বৰ
  • চুক্তিপত্ৰত প্ৰৱেশ কৰোতে তেওঁৰ কোনো আত্মীয়-সম্পৰ্কীয়ই কোম্পানীটোত চাকৰি কৰি থকা হ'ব নালাগিব, চাকৰিটো যেনেকুৱা পৰ্যায়ৰে নহওক কিয়। ( "সম্পৰ্কীয় " বুলিলে থাকিব পতি/পত্নী, নাবালক সন্তান অথবা সাবালক সতীয়া সন্তান যি কৰ্মচাৰী জনৰ সৈতে থাকে বা নাথাকে)
  • ব্যক্তিজনৰ নামত অন্য কোনো জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা এজেন্সী অনুজ্ঞাপত্ৰ থাকিব নালাগিব। (জীৱন বীমা এজেন্টে যুগ্ম প্ৰক্ৰিয়া অনুসৰন কৰিব লাগিব)

প্ৰয়োজন হোৱা প্ৰমাণপত্ৰ:

  • এজেন্টৰ আৱেদন প্ৰপত্ৰ
  • স্পনচ'ৰশ্বিপ প্ৰপত্ৰ
  • জন্মৰ প্ৰমাণ পত্ৰ
  • শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ
  • পেন কাৰ্ড
  • ষ্টাম্প আকাৰৰ তিনিকপি ফটো
  • ঠিকনাৰ প্ৰমাণপত্ৰ
  • মোবাইল নম্বৰ
  • ই-মেইল ঠিকনা
  • জেপিজি ৰূপত ফটো আৰু স্বাক্ষৰ ফাইলৰ আকাৰ -ফটোৰ বাবে ৫০ কেবি আৰু স্বাক্ষৰৰ বাবে ১০ কেবি হ'ব লাগিব)

আইআৰডিএ প্ৰশিক্ষণ:

বীমা এজেন্ট হিচাপে কাম কৰিবলৈ অনুজ্ঞাপত্ৰৰ বাবে আৱেদন জনোৱা আৱেদনকাৰীয়ে আইআৰডিএ ৰ দ্বাৰা স্বীকৃত কোনো প্ৰতিষ্ঠানৰ পৰা জেনেৰেল ইঞ্চুৰেঞ্চ ব্যৱসায় সম্পৰ্কে অতি কমেও ৫০ ঘন্টাৰ ব্যৱহাৰিক প্ৰশিক্ষণ ল'ব লাগিব, যিটোত এসপ্তাহ সময়ো লাগিব পাৰে। পূৰ্বৰ অনুজ্ঞাপত্ৰ নবীকৰন কৰিবলৈ হ'লে এজেন্ট জনে মাত্ৰ ২৫ ঘন্টাৰ এটা প্ৰশিক্ষণ ল'ব লাগিব। প্ৰশিক্ষণ ব্যয় বহন কৰিব ইফকো ট'কিঅ'ই।

আইআৰডিএ পৰীক্ষা:

আইআৰডিএ ৰ ব্যৱহাৰিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত প্ৰাৰ্থীজনে এজেন্সী পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। পৰীক্ষাৰ বাবে দিব লগীয়া ৩৫০ টকা প্ৰাৰ্থীজনে দিব লাগিব। ডিডি খন পৰীক্ষা কৰ্ত্তৃপক্ষৰ নামত হ'ব- যেনে: NSE.IT. পৰীক্ষা কেন্দ্ৰই পৰীক্ষাৰ পিছত প্ৰাপ্তাংক নম্বৰৰ তালিকাখন প্ৰাৰ্থীৰ হাতত দিব।

অনুজ্ঞা পত্ৰৰ প্ৰক্ৰিয়াৰ কাৰণে উত্তীৰ্ণ প্ৰাৰ্থীৰ তলত দিয়া নথি সমূহ লাগিব

  • প্ৰপত্ৰ ৫ম ক
  • এজেন্সী চুক্তিপত্ৰ
  • পৰীক্ষা কেন্দ্ৰই পৰীক্ষাৰ পিছত দিয়া প্ৰাপ্তাংক নম্বৰৰ তালিকাখন)
  • অনুজ্ঞা পত্ৰৰ মাচুল ( প্ৰাৰ্থীজনৰ পৰা IFFCO TOKIO Gen. Ins. Co. Ltd. ৰ নামত ২৫০ টকাৰ চেক্)

Download Motor Policy

Feedback