PrintPrintEmail this PageEmail this Page

আপুনি জেনেৰেল ইঞ্চুৰেঞ্চৰ এজেন্ট হিচাপে কিয় যোগদান কৰা উচিত:

বিত্তীয় সেৱা শাখাৰ বাহিৰে আন কোনো উদ্যোগে পেছাদাৰী হিচাপে যোগদান কৰাৰ প্ৰথম বছৰতে উল্লেখনীয় আৰ্জনৰ সুবিধা প্ৰদান নকৰে বিত্তীয় সেৱা শাখাৰ ভিতৰতো জেনেৰেল ইঞ্চুৰেঞ্চৰ এজেন্টৰ দৰে অন্য কোনো কেৰিয়াৰে দ্ৰুত আৰু বৃহৎ হাৰত উপাৰ্জনৰ সুযোগ প্ৰদান নকৰে। প্ৰকৃততে, এজন পৰিশ্ৰমী বীমা এজেন্টে তেওঁৰ প্ৰথম বছৰৰ বিক্ৰীৰ দ্বাৰাই ২ লাখতকৈ অধিক টকা সহজতে উপাৰ্জন কৰিব পাৰে। গতিকে আপোনাৰ যদিহে কষ্ট কৰাৰ ক্ষমতা আছে আৰু যদিহে সম্পৰ্ক নিৰ্মাণ কৰাত আপুনি ভাল তেন্তে এই বিভাগ আপোনাৰ বাবেই।

ভাৰতৰ নন্-লাইফ বীমা বিভাগটো এতিয়া উৰ্ধগামী। যোৱা কেইবছৰমানত এই উদ্যোগটোৰ ক্ৰমাৎ বিকাশ ঘটিছে। বিশেষকৈ নন্-মেট্ৰ' চহৰ কেইখনত এতিয়াও সথেষ্ট সম্ভাৱনাপূৰ্ণ, বিশাল আৰু অসংৰক্ষিত ব্যৱসায় পৰি আছে। বজাৰ খণ্ডত নন্-লাইফ বীমাৰো প্ৰয়োজন ক্ৰমাৎ বাঢ়ি আহিছে। আমোদজনকভাৱে, মুক্ত মূল্য নিৰ্ধাৰণ ব্যৱস্থাৰ পাতনি কৰি যিদৰে জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীবোৰক নিজৰ প্ৰিমিয়াম নিৰ্ধাৰণ কৰিবলৈ আৰু ৰেহাই দিবলৈ স্বাধীনতা দিয়া হৈছে- এই ব্যৱস্থাই এই বিভাগটোক যথেষ্ট আগুৱাই লৈ গৈছে।

বিভিন্ন প্ৰকাৰৰ জেনেৰেল ইঞ্চুৰেঞ্চ আছে যদিও, বীমা ক্ষেত্ৰৰ সৰ্বশ্ৰেষ্ঠ টকা আহৰন হয় গাড়ী-মটৰ আৰু স্বাস্থ্য বীমা বিক্ৰীৰ জৰিয়তে। বীমাৰ এই দিশটোক লক্ষ্য কৰি লোৱা এজেন্ট সকলে বিভিন্ন পৰিয়াল, ব্যৱসায়ী, নিয়োগকৰ্তা আৰু অন্যান্য গ্ৰাহক সকলক তেওঁলোকৰ কোনোবা ৰোগাক্ৰান্ত হ'লে অথবা যান-বাহনৰ ক্ষতি হ'লে হ'ব পৰা সম্পত্তিৰ হানি-বিঘিনিৰ বিপৰীতে সকলো সুৰক্ষা প্ৰদান কৰাত সহায় কৰিছে।

সৰ্বসাধাৰণ বীমা এজেন্টে তেওঁৰ বৃহৎ পৰিমাণৰ সময় কোনো নতুন ব্যক্তি যাক বীমাৰ প্ৰয়োজন আছে নেকি অথবা অথবা কাৰোবাক অতিৰিক্ত বীমা ক'ভাৰেজৰ প্ৰয়োজন হৈছে নেকি তেনে ব্যক্তি চিনাক্ত কৰি তেওঁলোকক ইফকো ট'কিঅ'ৰ প্ৰস্তাৱ দিয়া আৰু তেওঁলোকক নতুন বীমাপত্ৰত স্বাক্ষৰ কৰোৱা ধৰণৰ বিপণন কাৰ্য্যক্ৰমণিকাত খৰছ কৰে ।

সাধাৰণতে, জেনেৰেল ইঞ্চুৰেঞ্চৰ এজেন্ট এজনে প্ৰথম বছৰত আৰু অনাগত বছৰবিলাকত ক্লায়েন্টে তেওঁৰ প্ৰিমিয়াম হিচাপে পৰিশোধ কৰা ধনৰ ১০% ধন লাভ কৰে।

আহক উদাহৰণ এটালৈ চাই লওঁ:-

ৰাম-এজন বীমা এজেন্ট। তেওঁ গাড়ী-মটৰৰ বীমা প'লিচি বিক্ৰী কৰে যিয়ে তেওঁৰ গ্ৰাহকৰ বাহন খন গোটেই বছৰটোৰ কাৰণে সুৰক্ষিত কৰে। ৰামৰ বীমা কোম্পানীয়ে গাড়ী-মটৰৰ বীমাৰ বাবে তেওঁক ১০% কমিছন দিয়ে , যাৰ অৰ্থ হৈছে প্ৰথম বছৰৰ প্ৰিমিয়ামৰ পৰা আৰু ভৱিষ্যতে আহিবলগীয়া নবীকৰণৰ পৰাও ১০% ধন বিক্ৰী কৰোতা এজেন্ট জনে লাভ কৰে।

কোনোবা গ্ৰাহকে প'লিচি এখনৰ মূল্য হিচাপে বছৰত ভৰিব লাগিব ১০০০০ টকা। সেই একেদৰে ৰামে এই মটৰ গাড়ী প'লিচি বিক্ৰী কৰি প্ৰথম বছৰত কমিছন পাব ১০০০ টকা (১০০০ টকা x ১০%) গ্ৰাহক জনে যিমান দিনলৈ নবীকৰন প্ৰিমিয়াম পৰিশোধ কৰে,পৰবৰ্তী সকলো বছৰকেইটাত ৰামে একে ১০% আৰ্জন কৰিব।  এই পৰ্যায়ত প্ৰতি সপ্তাহে এখন বা দুখনকৈ প'লিচি বিক্ৰী কৰি ৰামে প্ৰথম বছৰৰ এজেন্ট কমিছন হিচাপে আৰ্জন কৰিব পাৰে ৫০,০০০ ৰ পৰা ১০০,০০০ টকালৈ।


Download Motor Policy

Feedback